ETV Bharat / state

আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

author img

By

Published : Oct 17, 2020, 6:39 PM IST

আজি কাতি বিহু ৷ এই দিনটোৰ লগত সংগতি ৰাখি মহামাৰী কৰ’ণাৰ বিনাশৰ বাবে মাজুলীৰ সত্ৰসমূহত বিশেষভাৱে আকাশ বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰে ৰাইজে ৷ 367 বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত জ্বলিল আকাশবন্তি ৷

Kati Bihu celebration in majuli assam etv bharat news
আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

মাজুলী,17 অক্টোবৰ: আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু । মাজুলীত কাতি বিহু শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । কোভিড 19 ৰ স‌ংক্ৰমণৰ মাজতে মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মুৰ সত্ৰ আদিত পৰম্পৰা ৰক্ষা কৰি আকাশবন্তি প্ৰজ্বলন কৰে ৷ এইবেলি আউনীআটী সত্ৰত 367 বছৰীয়া পৰম্পৰাৰে উদযাপন কৰা হৈছে কাতি বিহু ৷ সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা চলি আহিছে এই পৰম্পৰা ৷ তাৰ বাবে সত্ৰৰ কীৰ্তনঘৰৰ নিচেই কাষতে 21 যোৰা আকাশ বন্তি প্ৰজ্বলন কৰা হৈছে ৷ যদিওবা কাতি বিহুত ধৰ্মীয় আধ্যাত্মিকতা বেছি ৷

আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

ধৰ্মীয় পৰম্পৰা অনুসৰি কাতি মাহটো দামোদৰ মাহ পূণ্য মাহ আৰু এই মাহত তুলসী ৰোপণ কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে 21 পুৰুষ উদ্ধাৰ হয় । সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন-বায়ন, ঢ়ুলীয়া-খুলীয়া, ওজাপালি,নটুৱা-সংকীৰ্তন আদিৰ মাজেৰে সত্ৰাধিকাৰে সন্ধিয়া 21 যোৰ আকাশ বন্তি প্ৰজ্বলন কৰে । সত্ৰৰ কণ কণ বৈষ্ণৱসকলেও তুলসী ভেটি নিৰ্মাণ কৰি বন্তি প্ৰজ্বলন কৰে । মাজুলীৰ 35 খন সত্ৰই নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰে ৷ দক্ষিণপাট সত্ৰত 7 যোৰা আৰু গড়মূৰ সত্ৰত 3 যোৰা বন্তি প্ৰজ্বলন কৰা হৈছে । উত্তৰ কমলাবাৰী সত্ৰতো পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় কাতি বিহু ।

লগতে চাওকঃ চাইকেলৰ ৰিঙত ঘুৰিছে যুগলৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.