ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত কি চলিছে কৰিমগঞ্জত ?

author img

By

Published : Sep 19, 2019, 9:25 AM IST

বিশেষ ভাৱে সক্ষম অতি দৰিদ্ৰ পৰিয়ালৰ লোকে লাভ কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনৰ পকী ঘৰৰ সামগ্ৰী বলপূৰ্বক ভাৱে কাঢ়ি নিয়াৰ অভিযোগ দক্ষিণ কৰিমগঞ্জত ৷

প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত কি চলিছে কৰিমগঞ্জত ?

দক্ষিণ কৰিমগঞ্জ, 19 চেপ্তেম্বৰঃ প্ৰকৃততে কি চলিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত ৷ অসহায় লোকক ভয় দেখুৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা আত্মসাৎ ৷ দক্ষিণ কৰিমগঞ্জৰ ধলছড়া গাঁও পঞ্চায়তৰ ধীৰেন্দ্ৰ চন্দ্ৰ নামৰ লোক জনৰ লগত সংঘটিত হৈছে এনে ঘটনা ৷ বিশেষ ভাৱে সক্ষম অতি দৰিদ্ৰ পৰিয়ালৰ লোকজনে বহু কষ্টৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত এটা পকী ঘৰ লাভ কৰিছিল ৷ কিন্তু অসহায় আৰু দুৰ্বলতাৰ সুযোগ লৈ ওচৰৰ গাঁৱৰ নজৰুল ইচলাম নামৰ এজন যুৱকে ভয়-ভীতি দেখুৱাই বৰ্লপূৱক ভাৱে লোকজনৰ বাসগৃহ তৈয়াৰীৰ বাবে চৰকাৰে যোগান ধৰা কিছু সামগ্ৰী লৈ যায় বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰোপৰি অভিযুক্ত নজৰুল ইচলামে লোক জনৰ বেংকৰ এ টি এম কাৰ্ড পৰ্যন্ত কাঢ়ি লৈ যায় ৷

প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত কি চলিছে কৰিমগঞ্জত ?

এই সন্দৰ্ভত ধীৰেন্দ্ৰ চন্দ্ৰই পাথাৰকান্দি উন্নয়ন খণ্ডত অভিযোগ উত্থাপন কৰে যদিও কাৰ্যালয়টোৰ কৰ্মীসকলে নজৰুলৰ পক্ষত থাকি বৰ্তমানলৈ বাসগৃহটোৰ নিৰ্মাণ কাৰ্য নিয়ম অনুসৰিয়ে কৰা হৈছে বুলিহে জানিবলৈ দিয়ে ৷ এতিয়া নিৰুপায় হৈ ধীৰেন্দ্ৰ চন্দ্ৰই বাৰৈগ্ৰাম আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷

Intro:Body:অসহায় লোকক ভয় দেখুৱাই PMAY ৰ টকাত আত্মসাৎ যুৱকৰ। বাৰইগ্ৰাম আৰক্ষী থানাত গোছৰ ।

লোক জনৰ ঘৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তর্গত  ধলছড়া গাঁও পঞ্চায়তৰ ৭ নং ৱার্ডত। অত্যন্ত অসহায় দৰিদ্র লোকজনৰ নাম ধীৰেন্দ্র চন্দ। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি অহা লোকজন শাৰীৰিক ভাৱে অসুস্থ। বহু কষ্টৰে লোকজনে প্রধানমন্ত্রী আবাস যোজনাৰ  অন্তর্গত এটা পকী ঘৰ লাভ কৰিছিল। লোকজনে অভিযোগ উত্থাপন কৰে যে, অসহায় আৰু দুর্বলতাৰ সুযোগ লৈ ওচৰৰ গাঁওৰ চৌধুৰী টিলাৰ এজন যুৱক নজৰুল ইচলামে নানা ধৰণৰ ভয় দেখুৱাই বলপূর্বক ধীৰেন্দ্র চন্দৰ পৰা তেওঁৰ বেংকৰ এটিএম লৈ যায়। অভিযুক্ত নজৰুলে ধীৰেন্দ্র চন্দৰ বাসগৃহ তৈয়াৰীৰ বাবে কিছু সামগ্রী লৈ আহে। ইয়াৰ পিছত নজৰুলে সম্পূর্ণ নিয়ম বহির্ভূত ভাৱে ঘৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে।
এই সন্দৰ্ভত ধীৰেন্দ্রই পাথাৰকান্দি উন্নয়ন খণ্ডৰ কর্মীসকলৰ ওচৰত অভিযোগ উত্থাপন কৰে যদিও কাৰ্যালয়টোৰ কৰ্মীসকলে নজৰুলৰ পক্ষত কয় যে, বৰ্তমানলৈ বাসগৃহটোৰ নিৰ্মাণ কাৰ্য নিয়ম অনুসৰিয়ে কৰা হৈছে। নিৰুপায় হৈ ধীৰেন্দ্রই আইনৰ কাষ চাপে। লোকজনে নজৰুলৰ বিৰুদ্ধে বাৰৈগ্রাম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। ভুক্তভোগী
ধীৰেন্দ্র চন্দে অভিযুক্ত নজৰুল ইচলামে তেওঁৰ সম্পত্তীৰ ওপৰত হস্তক্ষেপ কৰাৰ বাবে দোষী সাব্যস্ত কৰি উপযুক্ত শাস্তি দিয়াৰ বাবে আবেদন জনায়।

আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.