ETV Bharat / state

ত্ৰিপুৰা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী

author img

By

Published : Jun 24, 2019, 5:21 PM IST

ত্ৰিপুৰা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী

নাৰী সৰবৰাহকাৰী চক্ৰৰ ঘাটিৰ পৰা পলাই অহা মহিলাৰ গোচৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে নাৰী সৰবৰাহকাৰী চক্ৰৰ ৰছিদ আহমেদ নামৰ সদস্যক ৷

কৰিমগঞ্জ, 24 জুনঃ ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিল আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য । নাৰী সৰবৰাহকাৰী চক্ৰৰ ঘাটিৰ পৰা পলাই অহা এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে চক্ৰটোৰ ৰছিদ আহমেদ নামৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় । ৰছিদ আহমেদৰ ঘৰ উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা এলেকাত ।

ত্ৰিপুৰা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী

যোৱা দুবছৰ পূৰ্বে প্ৰেমৰ জালত পেলাই একে এলেকাৰ এগৰাকী দুটা সন্তানৰ মাতৃক এক লাখ সত্তৰ হেজাৰ টকাৰ বিনিময়ত দিল্লীত বিক্ৰী কৰিছিল ৰছিদ আহমেদে । দুবছৰ পিছত মহিলাগৰাকী দিল্লীৰ পৰা পলাই নিজ ঘৰলৈ উভতি আহিবলৈ সক্ষম হয় । আৰু উভতি অহাৰ পিছত ৰছিদ আহমেদৰ বিৰুদ্ধে মহিলা গৰাকীয়ে কদমতলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে লম্পট যুৱকজনক ।

আৰু পঢ়কঃ কামপুৰ বজাৰত ৰেল বিভাগৰ উচ্ছেদ অভিযান

Intro:nullBody:SLUG : NARI PASARKARI AATOK.


ত্ৰিপুৰা আৰক্ষীৰ হাতত ধৰা পৰিল আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰৰ এগৰাকী সদস্য । নাৰী সৰবৰাহকাৰী চক্ৰৰ ঘাটিৰ পৰা পলাই অহা এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে চক্ৰটোৰ ৰছিদ আহমেদ নামৰ এগৰাকী সদস্যক আটক কৰিব'লৈ সক্ষম হৈছে । ৰছিদ আহমেদৰ ঘৰ উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা এলেকাত । যোৱা দুবছৰ পূৰ্বে প্ৰেমৰ জালত পেলাই একে এলেকাৰ এগৰাকী দুই সন্তানৰ মাতৃক নিচা জাতীয় দ্ৰব্য খুৱাই এক লাখ সত্তৰ হেজাৰ টকাৰ বিনিময়ত দিল্লীত বিক্ৰী কৰিছিল ৰছিদ আহমেদে । দুবছৰ পিছত মহিলাগৰাকী দিল্লীৰ পৰা পলাই নিজ ঘৰত উভতি আহিবলৈ সক্ষম হৈছে । আৰু অহাৰ পিছত ৰছিদ আহমেদৰ বিৰুদ্ধে মহিলা গৰাকীয়ে কদমতলা আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত গোচৰ তৰাৰ পিছত আৰক্ষীয়ে লম্পট যুৱকজন আটক কৰিবলৈ সক্ষম হৈছে ।Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.