ETV Bharat / state

পথাৰকান্দিত গৰু চোৰক আটক কৰি উত্তম-মধ্যম ৰাইজৰ

author img

By

Published : Aug 17, 2019, 12:56 PM IST

পথাৰকান্দি সমষ্টিৰ বাজাৰিচ'ৰা আৰক্ষী থানাৰ অন্তৰ্গত 20 নম্বৰ চাহ বাগিচাৰ পৰা এটা গৰু চোৰক আটক কৰে ৰাইজে ৷ চোৰটোৰ নাম নিতাই কুৰ্মী ৷ চোৰটোক উত্তম-মধ্যম দি গতাই দিয়ে আৰক্ষীক ৷

পথাৰকান্দিত গৰু চোৰক উত্তম-মধ্যম ৰাইজৰ


কৰিমগঞ্জ, 17 আগষ্টঃ কৰিমগঞ্জৰ পথাৰকান্দিত এটা গৰু চোৰ আটক কৰে ৰাইজে ৷ যোৱা 16 আগষ্টৰ নিশা ৰাইজে আটক কৰে চোৰটোক ৷

পথাৰকান্দিত গৰু চোৰক উত্তম-মধ্যম ৰাইজৰ

পাথাৰকান্দি সমষ্টিৰ বাজাৰিচৰা থানা এলেকাৰ 20 নম্বৰ চাহ বাগিচাৰ পৰা গৰু চোৰ কৰি আহোতে এজন চোৰক আটক কৰে ৰাইজে ৷ চোৰটোৰ নাম নিতাই কুৰ্মী ৷ ৰাইজে নিতাই কুৰ্মীক উত্তম-মধ্যম দি জোতাৰ মালা পিন্ধায় । চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত বহু চাঞ্চল্যকৰ তথ্য ফাদিল হয় ৷ এই চুৰি চক্ৰৰ লগত জড়িত হৈ থকা দুটা চোৰৰ নাম ৰাইজৰ আগত অৱগত কৰে । উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰাৰ পিছতো ৰাতিপুৱা লৈকে আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ অৱশেষত ৰাইজে আৰক্ষী থানাত নিতাই কুর্মীক চমজাই দিয়ে স্থানীয় ৰাইজে । অতি শীঘ্ৰে উক্ত অঞ্চলত সংঘটিত হৈ থকা চুৰি কাণ্ড প্ৰতিৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজে ৷

Intro:Body:SLUG------ COW THIEF STORY.

দৃশ্য বোৰ দেখিলে বাকী চুৰ সকলৰও কপি উঠিব বুকু।আৰক্ষীৰ ওপৰত ক্ৰমে আস্থা হেৰুৱাইছে ৰাইজে।এইবাৰ আৰক্ষীৰ কৰা কাম কৰিব লগা হৈছে ৰাইজক।যোৱা 10 দিনৰ ভিতৰতে প্ৰায় 20টা কৈ গৰু চুৰ হৈছে পাথাৰকান্দি সমষ্টিৰ বাজাৰিচৰা থানা এলেকাৰ 20 নম্বৰ চা বাগিচাৰ পৰা আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ পিছে শুক্ৰবাৰ ৰাতি 2 টা বজাত গৰু চুৰ কৰি আহোতে এজন চুৰক আটক কৰি শোধপোচ চলায়।নিতাই কুৰ্মী নামৰ চুৰজনৰ ঘৰ একেই এলেকাত।ৰাইজে জোতাৰ মালা পিন্ধাই লপাধপা দিয়ে।তেওঁৰ পৰা ৰাইজে জানিব পাৰে বহু চাঞ্চল্যকৰ তথ্যৰ লগতে এই চুৰ চক্ৰৰ লগত জড়িত থকা বহু চুৰৰ নাম।ৰাতিপুৱা লৈকে আৰক্ষী উপস্থিত নোহোৱাৰ বাবে ৰাইজে আৰক্ষী থানাত চুৰ নিতাই কুর্মীক চমজাই দিয়ে।এতিয়া আৰক্ষী কি ভূমিকাত অৱতীৰ্ণ হয় এয়াই হব লক্ষ্যণীয়।উল্লেখযোগ্য যে যোৱা কেইদিনৰ পৰা চুৰিৰ তাণ্ডৱ ব্যাপক হাৰে বৃদ্ধি পাইছে বাজাৰিচৰা আৰক্ষী থানাৰ অধীনস্থ লোৱাইৰপয়া, বাজাৰিচৰা, হাতিখিৰা,বিশ নম্বৰ সহ বহু স্থানত।বাইক,গৰু,ঘৰ ,সহ বিভিন্ন সামগ্ৰী চুৰৰ ঘটনা প্ৰতিনিয়ত চলি থাকিলেও বাজাৰিচৰা আৰক্ষী থানাৰ ভূমিকা নিষ্ক্ৰিয়।বৰ্তমান নিতাই ৰঙাঘৰৰ আলহী।আৰক্ষী এই মুহূৰ্ততেও যদি সজাগ নহয় তেন্তে ৰাইজে যে আইন হাতত তুলি লব তাত কোনো সন্দেহ নাই।


পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী, ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.