ETV Bharat / state

বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ

author img

By

Published : Oct 20, 2020, 12:56 PM IST

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই বৰাকৰ বিজেপি নেতা তথা অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাইচ্ছু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে ধৰ্মৰ নামত ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ
বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ

কৰিমগঞ্জ, 20 অক্টোবৰ : কৰিমগঞ্জৰ বিজেপি নেতাসকল নিৰ্লজ্জ, তেওঁলোকৰ বৰাক উপত্যকাৰ নাগৰিকক অপমান কৰাৰ কোনো অধিকাৰ নাই ৷ ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপি নেতাই বৰাক উপত্যকাৰ নাগৰিকক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ বিধায়কে ৷

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ
উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

লগতে পঢ়ক : উত্তৰ কৰিমগঞ্জত পথৰ আধাৰশিলা স্থাপন বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাইচ্ছু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে এই অভিযোগ আনিছে ৷ বিজেপি নেতাসকল কেলেংকাৰীৰ খলনায়ক বুলি এখন সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ মঙলবাৰে কৰিমগঞ্জ জিলা কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে বিধায়কগৰাকীয়ে ৷ বিজেপিক সমালোচনা কৰি বিজেপি নেতাসকল মেৰুদণ্ডহীন একোজন নিৰ্লজ নেতা বুলি কয় বিধায়ক পুৰকায়স্থই ৷ কংগ্ৰেছৰ দিনত চলি থকা কাগজ কল বিজেপিয়ে বন্ধ কৰিলে,ইয়াতকৈ ডাঙৰ অপমান বৰাকবাসীৰ বাবে একো হ'ব নোৱাৰে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

বিজেপিয়ে এটাৰ পিচত আনটো উদ্যোগ বন্ধ কৰি তাক ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিছে ৷ বিজেপিৰ শাসনকালত ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিচত সিটো বিয়াগোম কেলেংকাৰী ৷ এই সকলো কেলেংকাৰীতে বিজেপি নেতাসকল জড়িত হৈ আছে আৰু তেওঁলোকৰ দ্বাৰাই ৰাজ্যত নিযুক্তিৰ নামত চৰম অৰাজকতা চলিছে বুলি সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : অসম ভূমিত মিজোৰ আগ্ৰাসন সন্দৰ্ভত চৰকাৰক সমালোচনা বিধায়ক কমলাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.