ETV Bharat / state

শিক্ষা বিভাগৰ আজৱ কাণ্ড: পুৰুষ শিক্ষকক দিলে প্ৰসূতিকালীন ছুটী  !!

author img

By

Published : Sep 8, 2019, 5:25 PM IST

কৰিমগঞ্জত শিক্ষা বিভাগৰ আজৱ কাণ্ড

কৰিমগঞ্জত সংঘটিত হৈছে এই আজৱ কাণ্ড ৷ প্ৰসূতিকালীন ছুটী লৈ 25 দিনে বিদ্যালয়ত অনুপস্থিত এগৰাকী সহকাৰী শিক্ষক ৷

কৰিমগঞ্জ, 8 ছেপ্তেম্বৰ: এতিয়াৰ পৰা পুৰুষ শিক্ষকেও পাব মাতৃত্বকালীন ছুটী ৷ এই বিশেষ পদক্ষেপৰ আৰম্ভণি কৰিছে কৰিমগঞ্জৰ মহান শিক্ষা বিভাগে৷ দেশৰ আইনে নিদিয়া এই ব্যৱস্থাৰ এতিয়া সুবিধা কৰি দিছে বিভাগটোৱে ৷ যি সময়ত নিজৰ কৰ্মদক্ষতাৰ বাবে একাংশ শিক্ষকে বঁটা লাভ কৰিছে সেইসময়তে আনফালে একাংশৰ শিক্ষকৰ কৰ্মকাণ্ডই কালিমা সানিছে শিক্ষা বিভাগটোক ৷ ঘটনা অনুসৰি কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 940 নং উত্তৰ ঘুলছড়া প্ৰাথমিক বিদ্যালয়ৰ কমৰুল ইছলাম নামৰ এগৰাকী সহকাৰী শিক্ষক মাতৃত্বকালীন ছুটী লৈ প্ৰায় 25 দিনৰ পৰা বিদ্যালয়ত অনুপস্থিত আছে৷ যি ছুটী কেৱল সন্তানসম্ভৱা মাতৃক দিয়া হয় সেই ছুটি লৈ অনুপস্থিত থকা শিক্ষকজনৰ ছুটীৰ দৰ্খাস্তত সাক্ষৰ কৰি অনুমোদন দিছে খোদ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ বি ই অ' মাধৱ সাহাই ৷ বিভাগটোৰ এই দায়িত্বহীন তথা গাফিলতিত এতিয়া স্বাভাৱিকতে চকু কপালত উঠিছে সচেতন মহলৰ ৷

শিক্ষা বিভাগৰ আজৱ কাণ্ড: পুৰুষ শিক্ষকক দিলে প্ৰসূতিকালীন ছূটী!!

পিছে কমৰুল ইছলামৰ ছুটী লোৱাৰ আচল কাৰণ প্ৰসূতিকালীন অৱস্থা নহয়, বিদ্যালয়লৈ মটৰ চাইকেলৰে আহি থকা অৱস্থাত এক দুৰ্ঘটনাত আহত হৈছিল শিক্ষকজন৷ তাৰ পাছৰে পৰা ৰহস্যজনক ভাৱে মাতৃত্বকালীন ছুটী লাভ কৰি বিদ্যালয়ত অনুপস্থিত সহকাৰী শিক্ষক কমৰুল ইছলাম৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তেওৰ অনুপস্থিতিৰ কাৰণ জানিব বিচৰাত ৱাটছ এপ যোগে কমৰুলে ছুটীৰ ম্যাদ বৃদ্ধি কৰা বুলি এখন পত্ৰ প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰে য'ত স্পষ্টকৈ তেঁও মেটাৰনিটি লিভ পোৱা বুলি উল্লেখ আছে এই কথা কমৰুলৰ এগৰাকী সহশিক্ষকে ই টিভি ভাৰতক জানিবলৈ দিয়ে৷ পিছে এজন পুৰুষক মাতৃত্বকালীন ছুটী দিয়া কৰিমগঞ্জ শিক্ষা বিভাগৰ বিৰুদ্ধে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কি ব্যৱস্থা ল'য় আগন্তুক সময়ত সেয়াহে লক্ষণীয় হ'ব ৷

উল্লেখযোগ্য যে, দেশৰ সংবিধান তথা আইন ব্যৱস্থাত পুৰুষে এইদৰে সন্তান তথা মাতৃৰ যত্ন লোৱাৰ বাবে ছুটী পোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই কেৱল কেন্দ্ৰীয় চৰকাৰৰ 1999 চনৰ লোকসেৱা ছুটী সূচনাৰ 551 (A) ৰ অধীনত লোকসেৱাৰ চাকৰিসমূহতহে পুৰুষক সন্তান তথা পত্নীৰ যত্ন লোৱাৰ বাবে 15 দিনৰ এককালীন ছুটী দিয়া হয়, যি ছুটী পুৰুষজনে সন্তান জন্ম হোৱাৰ আগত বা পাছত ল'ব পাৰে৷ অসম চৰকাৰৰ নিয়মাৱালীৰ ভিতৰত পুৰুষক এইদৰে ছুটী দিয়াৰ কোনো নিয়ম নাই ৷ 2017 চনত লোকসভাত মহাৰাষ্ট্ৰ এগৰাকী সাংসদে পুৰুষৰ বাবেও পিতৃত্বকালীন ছুটীৰ বাবে সংসদত পিতৃত্বকালীন ছুটীৰ বিল উত্থাপন কৰিছিল যদিও সেয় বিল এতিয়া লৈকে সংসদত গৃহীত হোৱা নাই ৷

Intro:এতিয়াৰ পৰা পুৰুষ শিক্ষকক ও পাব পাৰে প্ৰসূতি কালিন ছুটি!!! Body:SLUG : METARNITY LEAVE FOR MALE.

কৰিমগঞ্জত শিক্ষা বিভাগৰ আজৱ কান্ড । পুৰুষ শিক্ষক'ক দিয়া হল মেটাৰনিটি লিভ । অৰ্থাৎ পুৰুষ হলেও এতিয়াৰ পৰা শিক্ষা বিভাগৰ ফালৰ পৰা দিয়া হব প্ৰসূতি কালিন ছুটি ।

এফালে যদি নিজৰ কৰ্মদক্ষতাৰ বাবে একাংশ শিক্ষকে লাভ কৰিছে বটা, তেন্তে  আনহাতে একাংশই কিন্তু কালিমালিপ্ত কৰিছে একে বিভাগক।  কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 940 নং উত্তৰ ঘুলছড়া প্ৰাথমিক বিদ্যালয়ৰ কমৰুল ইছলাম নামৰ  এগৰাকী সহকাৰী শিক্ষক দীৰ্ঘ প্ৰায় 25 দিনৰ পৰা অনুপস্থিত আছে  বিদ্যালয়ত । তেওঁ হেনো ছুটিত আছে । আৰু ছুটীৰ কাৰন যানিলে আপুনাৰো চকু কপালত উঠিব । শিক্ষকজন আছে মেটাৰনিটি লিভ'ত । যি ছুটি কেৱল প্ৰসূতি কালিন সময়ত মহিলা সকলক দিয়া হয় । আনহাতে ছুটীৰ দৰখাস্তত সাক্ষৰ কৰি অনুমোদন দিছে ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ বিইও মাধব সাহাই । শিক্ষা বিভাগৰ দৰে এনে বিভাগত সংঘটিত কান্ডই স্বভাবতে চৰ্চাৰ সৃষ্টি হৈছে । 

ঘঠনা 14 আগষ্ট তাৰিখৰ । বিদ্যালয়ত আহি থাকোতে বিদ্যালয়ৰ কালতেই মটৰ চাইকেলৰ পৰা বাগৰি পৰিছিল কমৰুল ইছলাম নামৰ সহকাৰী শিক্ষকজন । পিছে সেই দিনৰে পৰাই গায়েব কমৰুল ইছলাম । দুই তিনিদিন বিদ্যালয়ত অনুপস্থিত হোৱাত প্ৰধান শিক্ষক সামিম আহমেদে অনুপস্থিতিৰ কাৰন জানিব বিচাৰিলে কমৰুল ইছলামে নিজে ছুটি লৈছে বুলি জনাইছিল । ইয়াৰ কিছুদিন পিছত আকৌ ওয়াটছাপ যোগে ছুটীৰ ম্যাদ বৃদ্ধি কৰা হৈছে বুলি এখন পত্ৰ প্ৰধান শিক্ষকৰ মোবাইলত কমৰুল ইছলামে প্ৰেৰন কৰাৰ পিছত পুহৰলৈ আহে ছুটীৰ কাৰন । যত স্পষ্টকৈ উল্লেখ কৰা আছে যেন কমৰুল ইছলামে মেটাৰনিটি লিভ লৈছে । মোট কথাত শিক্ষা বিভাগে হেনো এতিয়া প্ৰমান কৰি দেখুৱাই দিলে যে পুৰুষ হলে কী হৈছে । পুৰুষেও পাব পাৰে প্ৰসূতি কালিন ছুটি । গতিকে এটেনচন শিক্ষা মন্ত্ৰী ডাঙৰীয়া । আপোনাৰ বিভাগত চলি থকা কৰ্মকাণ্ডৰ কাহিনী আমি উদঙাই দিলো । এতিয়া আপোনাৰ পাল । Conclusion:পিছে বিভাগে কি ব্যৱস্থা লয় এয়াই হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.