ETV Bharat / state

বৰাকত চূণশিলৰ অবৈধ সৰবৰাহ

author img

By

Published : Nov 4, 2020, 7:33 PM IST

Lime stone scam in Karimganj
বৰাকত চূণশিলৰ অবৈধ সৰবৰাহ

বৰাকত কয়লা কেলেংকাৰীৰ পাছত এইবাৰ চূণশিল কেলেংকাৰী সংঘটিত হৈছে । নিতৌ শ শ ট্ৰাক মেঘালয়ৰ চূণশিল অসমৰ কৰিমগঞ্জ হৈ ত্ৰিপুৰালৈ সৰবৰাহ কৰা হয় ।

কৰিমগঞ্জ, 4 নৱেম্বৰ : বৰাকত কয়লা কেলেংকাৰীৰ পাছত এইবাৰ চূণশিল কেলেংকাৰী সংঘটিত হৈছে । নিতৌ শ শ ট্ৰাক মেঘালয়ৰ চূণশিল অসমৰ কৰিমগঞ্জ হৈ ত্ৰিপুৰালৈ সৰবৰাহ কৰা হয় ।

Lime stone scam in Karimganj
বৰাকত চূণশিলৰ অবৈধ সৰবৰাহ

তথ্য অনুসৰি, মেঘালয়ৰ লুমচুলুঙৰ পৰা চূণশিল ত্ৰিপুৰালৈ পঠোৱা হয় যদিও কেতিয়াবা কৰিমগঞ্জ জিলাতো সৰবৰাহ কৰা হয় । ডাম্পাৰসমূহত অ'ভাৰলোড কৰি লৈ অহাৰ লগতে চালকৰ হাতত বৈধ কাকতো নাথাকে বুলি জানিব পৰা গৈছে ।

Lime stone scam in Karimganj
বৰাকত চূণশিলৰ অবৈধ সৰবৰাহ

যোৱা এটা বছৰ ধৰি কৰিমগঞ্জৰ ওপৰেদি নিতৌ শ শ ট্ৰাকে চূণশিল লৈ গ'লেও কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন চৰকাৰী বিভাগ । কৰিমগঞ্জত মিনাৰেল ৰিচোৰ্চ বিভাগৰ কাৰ্যালয় নাই যদিও ইয়াৰ বন বিভাগ, পৰিবহণ বিভাগ আৰু আৰক্ষীয়েও অবৈধ চূণশিল কেলেংকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক : নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.