ETV Bharat / state

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 10, 2021, 9:33 AM IST

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত উত্তপ্ত পৰিস্থিতি
কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত উত্তপ্ত পৰিস্থিতি

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মহাজোঁট গঠন হোৱাৰে পৰা সমষ্টি ভাগ বাতোৱাৰাৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতলৈ দুয়োটা দলৰ মাজতে সৃষ্টি হৈছে মতানৈক্য ৷ মঙলবাৰে কৰিমগঞ্জৰ চন্দন হোটেলত আয়োজন কৰা এখন দলীয় সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

কৰিমগঞ্জ,10 মাৰ্চ: কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মহাজোঁট গঠন হোৱাৰে পৰা দুয়োটা দলৰ মাজতে সৃষ্টি হৈছে কণ্ডল ৷ বিভিন্ন সময়ত দল দুটাৰ মাজত সৃষ্টি হৈ আহিছে মতানৈক্য ৷ সমষ্টি ভাগ বাতোৱাৰাৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতলৈ দুয়োটা দলৰ মাজতে গৃহ কণ্ডলে লগ এৰা নাই ৷ মঙলবাৰে কৰিমগঞ্জৰ চন্দন হোটেলত আয়োজন কৰা হৈছিল এখন দলীয় সভা ৷ সভাখনতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি, আৰু উত্তপ্ত পৰিস্থিতিৰ পাচতে সৃষ্টি হয় প্ৰচণ্ড মাৰপিট ৷

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত উত্তপ্ত পৰিস্থিতি

ঘটনা অনুসৰি, একাংশ দলীয় কৰ্মীয়ে পূৰ্বৰ এআইইউডিএফ দলৰ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক তথা বৰ্তমানৰ অগপ দলৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী আজিজ আহমেদ খানৰ ৰেলীত অংশ গ্ৰহণ কৰি সভাখনত উপস্থিত হৈছিল ৷ এই বিষয়টো এআইইউডিএফ দলৰ যুবনেতা দেওয়ান হেকিম চৌধুৰীয়ে সভাত উত্থাপন কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ অৱশেষত উভয় দলৰ নেতৃত্বৰ মধ্যস্থতাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

লগতে পঢ়ক: টীয়কত অগপ-বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.