ETV Bharat / state

জয়নগৰত সোণসহ আটক এজন সৰবৰাহকাৰী

author img

By

Published : Jan 9, 2020, 8:42 PM IST

সীমান্ত আৰক্ষীয়ে অভিযান চলাই জয়নগৰ এলেকাৰ পৰা সোণসহ আটক কৰে এজন সৰবৰাহকাৰী ৷ সৰবৰাহকাৰীজনৰ নাম জাহাংগিৰ হুছেইন ৷

gold seized tripura police_jayanagar
জয়নগৰত সোণসহ আটক এজন সৰবৰাহকাৰী

কৰিমগঞ্জ, 9 জানুৱাৰীঃ সীমান্ত আৰক্ষীৰ বৃহৎ সাফল্য ৷ আগৰতলা চহৰৰ সংলগ্ন জয়নগৰ এলেকাৰ পৰা সীমান্ত আৰক্ষীয়ে অভিযান চলাই সোণৰ বিস্কুট সহ আটক কৰিবলৈ সক্ষম হয় এজন সৰবৰাহকাৰীক । আটক হোৱা সৰবৰাহকাৰীজনৰ নাম জাহাংগীৰ হুছেইন ৷ জাহাংগীৰৰ পৰা জব্দ কৰা হৈছে 2.267 গ্ৰাম সোণ ৷ জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় 96 লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে সীমান্ত আৰক্ষীয়ে সোণসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

জয়নগৰত সোণসহ আটক এজন সৰবৰাহকাৰী

স্থানীয় লোকৰ মন্তব্য অনুসৰি, বৰ্তমান অবৈধ অনুপ্ৰৱেশকাৰীৰ মূল ঘাটি হৈ পৰিছে ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্ত ৷ ইয়াৰ সমান্তৰালকৈ ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে বিভিন্ন ধৰনৰ অবৈধ সামগ্ৰী বাংলাদেশলৈ সৰবৰাহ হয় বুলিও উল্লেখ কৰে অঞ্চলবাসীয়ে ৷

অন্য এক খবৰৰ বাবে : গোৱালপাৰাত ৰাম মন্দিৰ আৰ্হিত ভেলাঘৰ

Intro:ত্ৰিপুৰাত সীমান্ত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ সোনৰ বিস্কুট সহ আটক এগৰাকী সৰবৰাহকাৰী ।Body:SLUG : HUGE GOLD SEIZED AT TRIPURA.





অবৈধ অনুপ্ৰৱেশকাৰীৰ কৰিডৰ হিচাপে পৰিচিত নাম হৈছে ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্ত । আৰু ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰনৰ অবৈধ সামগ্ৰী বাংলাদেশলৈ সৰবৰাহ হয় ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে । বিভিন্ন সময় কৰ্তব্যৰত সীমান্ত আৰক্ষীয়ে অবৈধ সামগ্ৰী জব্দ কৰিবলৈও সক্ষম হয় । যোৱা কালিও ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা সীমান্ত আৰক্ষীয়ে লাভ কৰিলে সফলতা । ৰাজধানী  আগৰতলা চহৰ সংলগ্ন জয়নগৰ এলেকাৰ পৰা সীমান্ত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ সোনৰ বিস্কুট সহ আটক কৰিব'লৈ সক্ষম হৈছে এগৰাকী সৰবৰাহকাৰী । আটক হোৱা লোকজনৰ নাম হৈছে জাহাংগিৰ হুছেইন । জাহাংগিৰৰ পৰা জব্দ কৰা হৈছে মোট 2.267 গ্ৰাম সোন । জব্দকৃত সোনখীনিৰ বজাৰ মূল্য হব প্ৰায়  96 লাখ টকা । বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে সীমান্ত আৰক্ষীয়ে সোনসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । 

Byte : BSF.

Conclusion:উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে আগৰতলা সীমান্ত পাৰ হৈ একই দিনা 50 গৰাকী প্ৰৱেশৰ খবৰ সংবাদ শিৰোনামা দখল কৰিছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.