কৰিমগঞ্জৰ সীমান্তত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

author img

By

Published : Sep 12, 2022, 9:01 PM IST

Ganja seized at Karimganj Assam-Tripura border

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা (Anti Drugs Mission of Assam police)৷ বুজন পৰিমাণ গাঞ্জা জব্দ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত ।

কৰিমগঞ্জ, ১১ ছেপ্টেম্বৰ: ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ এনে কঠোৰ অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সেয়েহে নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত ।

এক বিশেষ অভিযানত সোমবাৰে কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়ীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja seized at Karimganj Assam Tripura border)। ত্ৰিশ লাখ টকাৰো অধিক মূল্য়ৰ গাঞ্জা ভৰ্তি এখন কন্টেইনাৰ জব্দ কৰিলে আৰক্ষীয়ে (Police seized ganja in Assam Tripura border)।

কৰিমগঞ্জৰ সীমান্তত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

উল্লেখ্য যে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা পাটনালৈ NL01 AA 4976 নম্বৰৰ এখন ট্ৰাকত গাঞ্জাখিনি সৰবৰাহৰ বাবে লৈ যোৱাৰ সময়ত অৰ্থাৎ অসমত প্ৰৱেশৰ লগে লগে আৰক্ষীৰ তালাচীত উদ্ধাৰ কৰা হয় উক্ত গাঞ্জাখিনি(Huge amount of Ganja seized in Karimganj)। ইপিনে, জব্দকৃত গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত কন্টেইনাৰখনৰ দুজন চালক পংকজ কুমাৰ(পাটনা) আৰু নীতিশ কুমাৰক (পাটনা)। সম্প্ৰতি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

ইপিনে, এক বিশেষ অভিযানত দেওবাৰে নিশা কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়ীত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা (Ganja seized at Karimganj Assam-Tripura border)। লগতে কোটি টকাৰ গাঞ্জা ভৰ্তি বাহন এখনো জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ DN09 V 9011 নম্বৰৰ এখন ট্ৰাকত গাঞ্জাখিনি সৰবৰাহৰ বাবে লৈ যোৱাৰ সময়ত অৰ্থাৎ অসম প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ তালাচীত উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জাখিনি (Ganja seized in Karimganj)। জব্দকৃত গাঞ্জাসহ আৰক্ষীয়ে আটক কৰিছিল উক্ত বাহনখনৰ দুজন চালক ওয়াসীম(হাৰিয়ানা) আৰু ভাসেমক(উত্তৰ প্ৰদেশ)৷

লগতে পঢ়ক:ভিক্টৰ দাসৰ পাছত সীমান্ত কলিতা: নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া দৰঙৰ আছুকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.