ETV Bharat / state

ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ

author img

By

Published : Jul 25, 2021, 8:05 AM IST

DRUGS PADDLER ENCOUNTER
ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউণ্টা কৰিমগঞ্জ আৰক্ষীৰ

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ৷ কৰিমগঞ্জ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী ৷

কৰিমগঞ্জ, 24 জুলাই : ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰা ঘটনাই কৰিমগঞ্জ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলোৱা হয় ৷ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ লক্ষীপুৰৰ পুৰাণ চান্দপুৰ অঞ্চলত চলোৱা হৈছিল এই অভিযান ৷

আৰক্ষীৰ অভিযানৰ সময়তে ড্ৰাগছ মাফিয়াৰ এটা দলে কৰিমগঞ্জ আৰক্ষীৰ দলটোক আক্ৰমণৰ চেষ্টা কৰে ৷ আৰক্ষীৰ অভিযানৰ উমান লাভ কৰি আক্ৰমণৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে ৷ অভিযান কালত এগৰাকী সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষীয়ে ৷

ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউণ্টা কৰিমগঞ্জ আৰক্ষীৰ

কৰায়ত্ব কৰা সৰবৰাহকাৰীটোৱে সুযোগ গ্ৰহণ কৰি অভিযানকাৰী আৰক্ষীৰ দলটোৰ এগৰাকী জোৱানৰ পিষ্টল কাঢ়ি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ পলায়ন কৰাই নহয়, আৰক্ষীক গুলীয়াবলৈও চেষ্টা কৰে ধৃত সৰবৰাহকাৰীজনে ৷

অৱশেষত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে সৰবৰাহকাৰীৰ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হয় ড্ৰাগছ সৰবৰাহকাৰীজন ৷ ইফালে এই ঘটনাত দুগৰাকী আৰক্ষী জোৱানো আহত হয় ৷ আহত সৰবৰাহকাৰীজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ৷

ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম কাওচৰ আহমদ (৩২) ৷ আহত আৰক্ষীৰ দুগৰাকী কৰ্মী যথাক্ৰমে কমৰুল ইছলাম আৰু বাসুদেৱ গোস্বামী । বৰ্তমান তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.