ETV Bharat / state

কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ

author img

By

Published : Jul 8, 2021, 12:01 PM IST

আৰক্ষীয়ে বুৰহান উদ্দিনৰ ঘৰৰ বাথৰুমৰ পৰা ৩০৫ টা ড্ৰাগছ (Drug) ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে । আৰক্ষী (Nilambazar Police)য়ে উদ্ধাৰ কৰা ড্ৰাগছ (Drug)খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা ।

কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ
কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ

কৰিমগঞ্জ, 8 জুলাই : কৰিমগঞ্জ (Karimganj) জিলাৰ নিলাম বজাৰ আৰক্ষীয়ে বুধবাৰে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ (Drug)জব্দ কৰে ৷ নিলাম বজাৰ আৰক্ষী (Nilambazar Police)য়ে জিলা (Karimganj)খনৰ লোহাৰপাড়া গাঁৱৰ বুৰহান উদ্দিন নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে ড্ৰাগছ (Drug)খিনি ৷ অৱশ্যে আৰক্ষীয়ে অভিযানৰ সময়ত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীৰ অভিযানৰ সময়ত কাৰাগাৰত কাৰাবন্দী হৈ আছিল বুৰহান উদ্দিন ৷

উল্লেখ্য যে, নিলাম বজাৰ আৰক্ষী (Nilambazar Police)য়ে লোহাৰপাড়া গাঁৱৰ বুৰহান উদ্দিনৰ ঘৰত কেইবাদিন পূৰ্বে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drug) জব্দ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । ঘৰৰ এজন সদস্য ড্ৰাগছ ব্যৱসায়ত জড়িত থকা সময়ত আকৌ সেই ঘৰতে ড্ৰাগছ (Drug)ৰ ব্যৱসায় চলি থকাৰ ঘটনা একেবাৰে সাধাৰণ নহয় । বৰং ড্ৰাগছ (Drug)ৰ বেহা যে বহু তললৈ শিপাই আছে বুৰহান উদ্দিনৰ ঘৰত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই সেয়াই প্ৰমাণ কৰে ।

নিলাম বজাৰ আৰক্ষী (Nilambazar Police)য়ে কাৰাগাৰত বন্দী বুৰহান উদ্দিনৰ ঘৰত আকৌ ড্ৰাগছ (Drug)ৰ ব্যৱসায় চলি থকাৰ খবৰ লাভ কৰি পুনৰ বুধবাৰে অভিযান চলায় । আৰক্ষীয়ে বুৰহান উদ্দিনৰ ঘৰৰ বাথৰুমৰ পৰা উদ্ধাৰ কৰে ৩০৫ টা ড্ৰাগছ (Drug) ভৰ্তি কণ্টেইনাৰ । আৰক্ষী (Nilambazar Police)য়ে উদ্ধাৰ কৰা ড্ৰাগছ (Drug)খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি সন্দেহ কৰা হৈছে ।

নিলাম বজাৰ আৰক্ষী (Nilambazar Police)য়ে বুৰহান উদ্দিনৰ ঘৰৰ পৰা নগদ প্ৰায় ৩৩ হেজাৰ টকাও উদ্ধাৰ কৰে । অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই আত্মগোপন কৰে ড্ৰাগছ ব্যৱসায়ী (Drug Mafia)য়ে । ড্ৰাগছ (Drug)ৰ ব্যৱসায়ৰ বাবে বুৰহান উদ্দিন কাৰাগাৰত থাকিলেও তেওঁৰ ভাতৃয়েই এই ব্যৱসায় চলাই যোৱাৰ আৰক্ষী (Nilambazar Police)য়ে ।

লগতে পঢ়ক : ৰাজ্যত দুমাহত জব্দ 1,318,954,435,00 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.