ETV Bharat / state

গণপ্ৰহাৰত মৃত্যু হোৱা তিনি সন্দেহজনক বাংলাদেশীক কৰিমগঞ্জত কবৰস্থ

author img

By

Published : Jul 28, 2020, 1:40 PM IST

৭২ ঘণ্টা হাস্পাতালৰ মর্গত থকাৰ পাচত ধৰ্মীয় নিয়মেৰে কবৰ দিয়া হয় কৰিমগঞ্জত গণ প্ৰহাৰত মৃত্যু হোৱা সন্দেহযুক্ত তিনি বাংলাদেশী গৰু চোৰক । বিগত ২০ জুলাইত পাথাৰকান্দিৰ বুবৰিঘাট চাহ বাগিছাত গৰু চোৰ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিছিল তিনিটাকৈ চোৰ ।

DEAD BODY OF 3 BANGLADESHI GRAVED
DEAD BODY OF 3 BANGLADESHI GRAVED

কৰিমগঞ্জ, 28 জুলাই : কবৰস্থ কৰা হ’ল কৰিমগঞ্জত গণ প্ৰহাৰত মৃত্যু হোৱা সন্দেহযুক্ত তিনি বাংলাদেশী গৰু চোৰক । ৭২ ঘণ্টা হাস্পাতালৰ মর্গত থকাৰ পাচত ধৰ্মীয় নিয়মেৰে কবৰ দিয়া হয় তেওঁলোকক ৷ কিন্তু আশ্চৰ্যজনকভাৱে বাংলাদেশ চৰকাৰে মৃতদেহ কেইটা তেওঁলোকৰ নহয় বুলি দাবী কৰিছে ৷ বাংলাদেশ চৰকাৰৰ এনে স্থিতি সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত আছে ৷ কৰিমগঞ্জৰ বুবৰিঘাট চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা সন্দেহযুক্ত তিনিগৰাকী বাংলাদেশী গৰু চোৰক বাংলাদেশে চমজি নোলোৱাত অবশেষত কৰিমগঞ্জৰ চৰকাৰী সদৰ কবৰস্থানত কবৰস্থ কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ।

ভাৰতৰ মাটিত কবৰস্থ কৰা হ’ল বাংলাদেশী গৰু চোৰক

উল্লেখ্য যে, বিগত ২০ জুলাইত পাথাৰকান্দিৰ বুবৰিঘাট চাহ বাগিছাত গৰু চোৰ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিছিল তিনিটাকৈ চোৰ । তাৰ পাচতে উত্তেজিত ৰাইজে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল তিনিওকে ৷ গণপ্ৰহাৰত মৃত্যু হৈছিল তিনিওৰে। মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত আৰক্ষীয়ে এটা বেগৰ পৰা বহু বাংলাদেশী সামগ্ৰী উদ্বাৰ কৰিছিল । উদ্ধাৰ হোৱা সামগ্ৰীয়ে একপ্ৰকাৰ প্ৰমাণ কৰিছিল যে, বাংলাদেশৰ পৰা গৰু চুৰ কৰিবলৈ ভাৰতৰ মাটিত প্ৰৱেশ কৰিছিল তিনিওজনে ।

আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ সৈতে আলোচনা কৰি দুগৰাকী ব্যক্তিৰ বাংলাদেশীয় ঠিকনাও পাইছিল । পিচে সীমা সুৰক্ষা বাহিনীৰ সৈতে ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ফ্লেগ মিটিং হোৱাৰ পাচত বাংলাদেশে মৃতদেহ কেইটা তেওঁলোকৰ নহয় বুলি অৱগত কৰে । আনহাতে মৰণোত্তৰ পৰীক্ষাৰ পাচৰে পৰাই মৃতদেহকেইটা মৰ্গত ৰখা আছিল । যাৰ বাবে এক প্ৰকাৰ উপায়বিহীন হৈ ৭২ ঘন্টা অপেক্ষা কৰি কৰিমগঞ্জ আৰক্ষীয়ে সোমবাৰ সন্ধিয়াৰ ভাগত মৃতদেহ তিনিটা কবৰস্থানত কবৰস্থ কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক : দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.