ETV Bharat / state

Constituency delimitation 2023: 27 জুনত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান বিডিএফৰ

author img

By

Published : Jun 24, 2023, 10:39 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ প্ৰতিবাদত প্ৰথমে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে অহা 27 জুনত সৰ্বাত্মক বন্ধৰ ঘোষণা কৰিছে ৷

Constituency delimitation 2023
27 জুনত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান বিডিএফৰ

27 জুনত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান বিডিএফৰ

কৰিমগঞ্জ, 24 জুন: মঙলবাৰ অৰ্থাৎ 20 জুনত ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কেৱল ৰাজনৈতিক মহলতে নহয় গাঁও, চহৰ সকলোতে একাংশ জনসাধাৰণে ইয়াৰ সমৰ্থনৰ কৰাৰ বিপৰীতে আন একাংশ ৰাইজে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷বৰাক উপত্যকাৰ আঞ্চলিক দল বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে খচৰাখন ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ কৰি এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে 27 জুনত সৰ্বাত্মক বন্ধৰ ঘোষণা কৰিছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত বৰাক উপত্যকাৰ দুখন আসন হ্ৰাস কৰাৰ বাবে সমগ্ৰ উপত্যকাত প্ৰতিবাদ সাব্যস্ত কৰিব দলটোৱে ৷ বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে প্ৰথমে ৩০ জুনত বন্ধৰ আহ্বান জনাইছিল। কিন্তু শনিবাৰে এক জৰুৰী বৈঠকত মিলিত হৈ বিডিএফে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি বন্ধৰ দিনটো আগুৱাই অহা ২৭ জুনত বন্ধ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এক সংবাদমেলযোগে বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ে কয় যে, তেওঁলোকৰ ওচৰত নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য আছে যে ইতিমধ্যে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কাৰ্যকলাপ আৰম্ভ কৰিছে ৷ নিৰ্বাচনৰ আয়োগৰ প্ৰতিনিধি দল অসমলৈ প্ৰেৰণ কৰি খৰখেদাকৈ জনমত সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া চলাই আছে ৷ এনে পৰিস্থিতিত ৰায়ে সকলো ৰাজনৈতিক, অৰাজনৈতিক দল আৰু সামাজিক সংগঠনসমূহক 27 জুনৰ এই বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ লগত থিয় হ’বলৈ আহ্বান জনাইছে ৷

তেওঁ লগতে কয় যে, নাগৰিক অধিকাৰ সুৰক্ষা সংস্থাৰ সভাপতি আৰু অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যৰ সৈতেও এই সন্দৰ্ভত তেওঁলোকে আলোচনাত মিলিত হৈছিল ৷ প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে তেওঁলোকৰ এই কাৰ্যসূচীত সমৰ্থন আগবঢ়াইছে বুলি জানিবলৈ দিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিডিএফৰ ফালৰ পৰা নিৰ্বাচন আয়োগলৈ আপত্তি পত্ৰ প্ৰেৰণ কৰা হ’ব ৷ কিন্তু বৰাকৰ ৪২ লাখ লোকে এনেদৰে একেলগে আপত্তি দৰ্শোৱাটো সম্ভৱ নহয় ৷ সেয়েহে দলটোৱে সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে ৰায়ে কয়, "এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই সমগ্ৰ বৰাকতে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ ই অঞ্চলটোৰ অস্তিত্বৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে ৷"

লগতে পঢ়ক: Constituency Delimitation 2023: হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ চলিছে: ৰাজকুমাৰ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.