ETV Bharat / state

Constituency Delimitation 2023: হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ চলিছে: ৰাজকুমাৰ বিশ্বাস

author img

By

Published : Jun 24, 2023, 7:14 PM IST

নতুনকৈ প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণমুক্ত আদৰণি জনাইছে বাঙালী জাতীয় পৰিষদৰ । পঞ্চায়ত দ্বিখণ্ডিত কৰি, চেটেলাইট মাধ্যমেৰে সমষ্টি গঠনৰ বিৰোধিতা কৰিছে বাঙালী জাতীয় পৰিষদে । বাঙালী জাতীয় পৰিষদৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে সংগঠনটোৰ বিষয়-ববীয়াই ।

11th Foundation Day of Bengali National Council
হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ চলিছে

হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ চলিছে

জোনাই,২৪ জুন: অসমত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ গভীৰ যড়ষন্ত্ৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন বাঙালী জাতীয় পৰিষদৰ । চিলাপথাৰৰ মাজৰবাৰীত সংগঠনটোৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰি সংবাদ মাধ্যমৰ আগত এই দৰেই মন্তব্য প্ৰকাশ কৰে বাঙালী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বিশ্বাসে ।

ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাক উষ্ম আদৰণী জনাইছে যদিও প্ৰস্তাৱিত ৭৯ নং চিচিবৰগাঁও বিধানসভা (সংৰক্ষণ মুক্ত) সমষ্টিটোত চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ বাঙালী গাঁওসমূহ এক যড়ষন্ত্ৰমুলকভাৱে অন্তৰ্ভুক্তিৰ পৰা বাদ দিয়া হৈছে । সম্পূৰ্ণ ৰাজনৈতিক বাবে হিন্দু বাঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ জোনাই সমষ্টিৰ গৰিষ্ঠসংখ্যক হিন্দু বাঙালীসকলক দ্বিখণ্ডিত কৰাৰ অভিযোগ উত্থাপন কৰে বাঙালী জাতীয় পৰিষদে ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা মতে প্ৰস্তাৱিত চিচিবৰগাঁও‍ বিধানসভা সমষ্টিত বছৰ বছৰ ধৰি চিমেনমুখ, মুক্তিয়াৰ, চিলাপথাৰ, চিলাসুতি, ডিমৌ, মালিনীপুৰ গাঁও পঞ্চায়তত বসবাস কৰা হিন্দু বাঙালীৰ গাঁওসমূহ প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টি (সংৰক্ষণ মুক্ত) ত অন্তৰ্ভূক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে সংগঠনটোৱে ।

লগতে গাঁও পঞ্চায়ত দ্বিখণ্ডিত কৰি এক চেটেলাইট মাধ্যমত সমষ্টি গঠন নকৰিবলৈ আহ্বান জনাই । লগতে উল্লেখিত গাঁও পঞ্চায়ত সম্পূৰ্ণৰূপে দ্বিখণ্ডিত নকৰি অসমীয়া, বাঙালী, মিচিং সকলোকে লৈ চিমেন নদী সীমা হিচাপে কৰি প্ৰস্তাৱিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টি গঠনৰ আহ্বান জনায় । অন্যথা বাঙালী অধ্যুষিত চিলাপথাৰ নগৰৰ পৰা জোনাই সমষ্টিত হিন্দু বাঙালী সকলক অন্তৰ্ভূক্ত কৰি দিবলৈ জনাই ।

উল্লেখ্য যে পুৱা পতাকা উত্তোলনৰে চিলাপথাৰৰ মাজৰবাৰীত অনুষ্ঠিত হোৱা বাঙালী জাতীয় পৰিষদৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত সভাত হিন্দু বাঙালী গাঁওসমূহ প্ৰস্তাৱিত সংৰক্ষণ মুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি সকিয়াই দিয়ে বাঙালী জাতীয় পৰিষদে ।

লগতে পঢ়ক: PMAY Scam : ধন আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়তৰ সভাপতি সহ কৰ্মীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.