ETV Bharat / state

কৰিমগঞ্জত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও

author img

By

Published : Nov 4, 2020, 7:49 PM IST

Alligation of PMAY G scam in karimganj assam etv bharat news
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিমগঞ্জবাসীৰ ৷ বুধবাৰে এই সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

কৰিমগঞ্জ,4 নৱেম্বৰ: কৰিমগঞ্জ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ অনুসৰি, প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ ধনী লোকেহে এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে ৷ তদুপৰি জিঅ’ টেগিং নকৰাৰ ফলত এই সুবিধাৰ পৰা বঞ্চিত হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ফাৰমপাশা গাঁও পঞ্চায়তৰ একাংশ লোক ৷ সেয়ে এই সুবিধাৰ পৰা বঞ্চিত লোকসকলে বুধবাৰে নিলাম বজাৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, 6 নৱেম্বৰৰ ভিতৰত জিঅ’ টেগিং সম্পূৰ্ণ নকৰিলে এই যোজনাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ’ব হিতাধিকাৰীসকল ৷ সেয়ে প্ৰতিবাদ সাব্যস্ত কৰি হিতাধিকাৰীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত জিঅ’ টেগিং সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

লগতে চাওকঃ মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.