ETV Bharat / state

বৰাক নৈত সলিল সমাধি যুৱকৰ

author img

By

Published : Apr 12, 2020, 8:35 PM IST

কৰিমগঞ্জৰ বদৰপুৰৰ বৰাক নৈত সলিল সমাধি মাজাৰ আলী নামৰ এজন যুৱকৰ ৷ মৃত যুৱকজনৰ ঘৰ বিহাৰত ৷

A boy dead at barak river
বৰাক নৈত ডুবি সলিল সমাধি যুৱকৰ

বদৰপুৰ,12 এপ্ৰিলঃ কৰিমগঞ্জৰ বদৰপুৰৰ বৰাক নৈত গা ধুবলৈ গৈ মৃত্যু ঘটে এজন যুৱকৰ ৷ পানীত পিছলি পৰাৰ ফলত মৃত্যু ঘটা যুৱকজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ৷

বৰাক নৈত ডুবি সলিল সমাধি যুৱকৰ

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি মাজাৰ আলী নামৰ যুৱকজনে গা ধুবলৈ গৈ বৰাক নৈৰ গভীৰতাত সোমাই যায় ৷ নৈ পাৰৰ ৰাইজে যুৱকজনক উদ্ধাৰৰ চেষ্টা কৰিও বিফল হয় ৷ পিছত স্থানীয় ৰাইজে বদৰপুৰৰ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াত এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ বিহাৰৰ যুৱকজন কৰ্মসূত্ৰে বদৰপুৰৰ কাদিমানত ভাড়াতীয়া হিচাপে বাস কৰি আছিল ৷

লগতে চাওকঃ উন্নয়নৰ মুখ নেদেখা কাছাৰ জিলাৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.