ETV Bharat / state

সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে কাৰ্বি আংলঙৰ Veerappan এ

author img

By

Published : Jul 11, 2021, 6:21 PM IST

Updated : Jul 13, 2021, 2:21 PM IST

DIPHU, UPRF SELF STYLE CNC SHOOT DEATH IN SELF CLASH
কাৰ্বি আংলঙত নিজৰ মাজতে সংঘৰ্ষ লাগি উগ্ৰপন্থীৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ বিৰাপ্পান নিহত

কাৰ্বি আংলঙৰ বোকাজানৰ দুৰ্গম অঞ্চল খেঙপিবুং অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমান বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ডিফুলৈ প্ৰেৰণ কৰিছে ৷

ডিফু, ১১ জুলাই : পাহাৰীয়া জিলা কাৰ্বি আংলঙত উগ্ৰপন্থীৰ নিজৰ মাজতেই প্ৰচণ্ড গুলীয়াগুলিত নিহত হয় স্বয়ম্ভু সেনাধ্যক্ষ বীৰাপ্পান ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে পুৱতি নিশা পাহাৰত নিজ উগ্ৰপন্থীৰ গোটৰ সদস্যৰ গুলিতেই নিহত ইউ পি আৰ এফ (UPRF)ৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ মানগীন খলহও ওৰফে বিৰাপ্পান । উল্লেখযোগ্য যে, কাৰ্বি আংলঙৰ বোকাজানৰ দুৰ্গম অঞ্চল খেঙপিবুং অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমান বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ (Diphu Medical College) প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে, যোৱা বছৰ আগষ্ট মাহত বোকাজান মহকুমাৰ টকৌ লাংছত নিজৰ শক্তি প্ৰদৰ্শন কৰি পৰ্যটকৰ সৈতে ইউপিআৰএফ (UPRF)ৰ মুখ্য সেনাধ্যসেনাধ্যক্ষ মাৰ্টিন গুইটে মৰণাস্ত্ৰৰ সৈতে ছেলফি উঠিছিল ৷ তাৰ পাচতে জিলাখনৰ আইন শৃংখলা ব্যৱস্থাকলৈ নানা প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে জনসাধাৰণৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ উক্ত ঘটনাৰ দুমাহৰ পিছতে যোৱা বৰ্ষৰ ৫ অক্টোবৰত কাৰ্বি আংলং জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে এক গোপন সূত্ৰৰ পমখেদি সিঙহাসন পাহাৰৰ জলিয়াঙত অভিযান চলাওঁতে ইউপিআৰএফ (UPRF) সহস্ৰ সংগঠনৰ সৈতে প্ৰচণ্ড গুলীয়াগুলি হয় আৰু উক্ত ঘটনাত স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত হয় ৷

যোৱা ২২ জানুৱাৰীত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ( SDPO) জন দাসৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয় জিতুমনি ডেকা আৰু মৌবলিক ব্ৰহ্মৰ লগতে ২০ বিএন চিআৰপিএফ (CRPF) আৰু বেটেলিয়নে যৌথ অভিযান চলাই মাঞ্জা থানা এলেকাৰ পি-তাইজল নামৰ এলেকাৰ পৰা ইউপিআৰএফৰ তিনি দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ তিনিটাক আটক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃ উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

Last Updated :Jul 13, 2021, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.