ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 8, 2021, 2:23 PM IST

UNTOWARDS INCIDENT HAPPEN IN VDP MEETING AT JENKHA
পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি ৷ এজন যুৱকক আৰক্ষীয়ে আটক কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে এদল যুৱকে ৷ যুৱকৰ আক্ৰমণত আহত হয় বহুকেইজন আৰক্ষী ৷

ডিফু, ৮ ফেব্ৰুৱাৰী: পশ্চিম কাৰ্বি আংলঙৰ জেংখাতত উত্তপ্ত পৰিস্থিতি । জেংখাত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠান চলি থকা সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি
পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি

প্ৰাপ্ত খবৰ অনুসৰি,প্ৰতিষ্ঠা দিৱসৰ আয়োজিত সংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উদ্ভণ্ডালি কৰা এজন উদণ্ড যুৱকক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে যুৱকজনৰ আটক কৰাক কেন্দ্ৰ কৰি এদল যুৱকে নিশা আক্ৰমণ কৰে খেৰণি থানা অধীনৰ জেংখা আৰক্ষী তালাচী চকীত । ভাঙি-চিঙি লণ্ডভণ্ড কৰে তালাচী চকীৰ বাহন, চকী-টেবুল,আচবাব আদি সকলো । জেংখা তালাচী চকীক লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে আক্ৰমণকাৰীয়ে । এই ঘটনাত ৯ জন আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আহত আৰক্ষীৰ লোককেইজন । ঘটনাত আক্ৰমণকাৰীও আঘাত হোৱাৰ আশংকা কৰা হৈছে ৷ বৰ্তমানলৈকে এই সন্দৰ্ভত লাভ কৰা নাই কোনো তথ্য ৷ শেহতীয়াকৈ আৰক্ষীয়ে গুলি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি
পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি

অন্য এক খবৰৰ বাবে: বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.