ETV Bharat / state

নমাটি সমষ্টিৰ অকৰেঙত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি যাত্ৰা, অৰ্ধ শতাধিকে পিন্ধিলে গেৰুৱা বসন

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 11:03 PM IST

Unity Victory and Prosperity rally of BJP
বিজেপি দলৰ এক বিশাল সভা

Unity Victory and Prosperity rally of BJP : নমাটিৰ অকৰেঙত দেওবাৰে শাসকীয় বিজেপি দলৰ এক বিশাল সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিগত সময়ৰ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ৷

বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি যাত্ৰা

ডিফু, 17 ডিচেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নমাটি সমষ্টিৰ অকৰেঙত দেওবাৰে শাসকীয় বিজেপি দলৰ এক বিশাল সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকি নিৰ্বাচনী ৰণডংকা বজালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

নমাটি পৰিষদীয় সমষ্টিৰ অকৰেঙত বিজেপিৰ দলীয় বিশাল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ৰ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ৷ লগতে সভাত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে স্মাৰক পত্ৰ যোগে মুখ্য কাৰ্যবাহী গৰাকীৰ হাতত দিয়া বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ ৷

সংবাদ মাধ্যমৰ সন্মুখত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি আংলঙৰ গাওঁবুঢ়া সকলৰ দৰমহা 2024 চনৰ পৰা এহেজাৰ টকাকৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ লগতে তেওঁ হাওৰাঘাট কণিষ্ঠ মহাবিদ্যালয়ৰ সমস্যা সমূহো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

সভাৰ আৰম্ভণিতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নমাটি সমষ্টিৰ কেইবা ঠাইতো বাৰ কোটিতকৈও অধিক বাট-পথ, দলং, মিনি ষ্টেডিয়াম আদিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা কেইবাটাও পথ, পকী দলং, বজাৰ গৃহৰ উদ্বোধন কৰে ৷

কেইবা সহস্ৰাধিক লোক সমবেত হোৱা এই বিশাল সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, হাওৰাঘাট আৰু ডিফুৰ বিধায়কদ্বয় ক্ৰমে দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিকে ধৰি বহুকেইগৰাকী কাৰ্যবাহী সদস্য, বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত থাকে ৷ সভাত বিভিন্ন দলৰ প্ৰায় অৰ্ধশতাধিক লোকে বিজেপি দলত যোগদান কৰে ৷

লগতে পঢ়ক : নগাঁৱত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.