ETV Bharat / state

Arms seized : মাৰণাস্ত্ৰসহ সৰবৰাহকাৰী আটক

author img

By

Published : May 10, 2023, 2:26 PM IST

নৈশ বাছেৰে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰাৰ সময়তে দুই মহিলাক আটক খটখটী আৰক্ষীৰ ৷ মাৰণাস্ত্ৰ জব্দ (Arms seized in Diphu) ৷

Two arrested from Diphu with arms
মাৰণাস্ত্ৰসহ সৰবৰাহকাৰী আটক

ডিফু, 10 মে’ : কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখটীত এইবাৰ নিচাযুক্ত সামগ্ৰী নহয়, উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল খটখটী আৰক্ষীয়ে ৷ ডিমাপুৰৰ পৰা নৈশ বাছেৰে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ খবৰ লাভ কৰি তৎপৰতাৰে খটখটীত এছবি তিনি আলিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তালাচী অভিযান চলায় (Two arrested from Diphu with arms) ৷

খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত আৰক্ষীৰ এটা দল আৰু চি 20 চি আৰ পি এফ ৰ সহযোগত মঙলবাৰে বিয়লি ভাগৰ পৰা চলোৱা হয় এক বিশেষ তালাচী অভিযান ৷ অভিযান কালত ডিমাপুৰ দিশৰ পৰা আহি থকা এখন নৈশ বাছত আৰক্ষীয়ে অভিযান চলায় ৷ বাছখনত তালাচী চলোৱাত বাছখনত যাত্ৰী হিচাপে অহা দুই মহিলাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাৰণাস্ত্ৰ ৷ আৰক্ষীয়ে দুি মহিলাৰ পৰা সাত জাঁই সজীৱ গুলী সহ এটা পইণ্ট 22 পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Arms seized in Diphu) ৷

Two arrested from Diphu with arms
মাৰণাস্ত্ৰসহ সৰবৰাহকাৰী আটক

আৰক্ষীয়ে অভিযান চলোৱা বাছখনৰ পঞ্জীয়ন নম্বৰ হ’ল AR11 B 3408 ৷ পিষ্টল আৰু সজীৱ গুলী সৰবৰাহত জড়িত দুই গৰাকী মহিলাক আৰক্ষীয়ে আটক কৰি খটখটী থানালৈ লৈ আনে ৷ ধৃত মহিলা দুগৰাকী ক্ৰমে কাৰবি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ শান্তিপুৰ নামবৰ নদীপথৰ গিৰিধৰ শইকীয়াৰ জীয়েক দিম্পী শইকীয়া (32) আৰু আন গৰাকী শিৱসাগৰ জিলাৰ অকণ দুৱৰাৰ ৰেখামণি দুৱৰা (28) বুলি চিনাক্ত কৰা হৈছে (Khatkhati Police Station) ৷

মাৰণাস্ত্ৰ কি উদ্দেশ্য সৰবৰাহ কৰা হৈছিল সেই কথা অৱশ্যে বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ধৃত মহিলা দুগৰাকীক সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.