ETV Bharat / state

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ডিফুত মছজিদ সমতিৰ সমদল

author img

By

Published : Aug 14, 2022, 1:29 PM IST

Rally organized by Diphu Masjid Committee
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ডিফুত ইছলাম ধৰ্মী লোকৰ সমদল

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিফু মছজিদ কমিটিৰ উদ্যোগত উলিওৱা হৈছে ত্ৰিৰংগ পতাকা লৈ সমদল (Rally organized by Diphu Masjid Committee)। হাতে হাতে জাতীয় পতাকা লৈ সমদলত ভাগ ল'লে ইছলাম ধৰ্মী লোকসকলে । স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে এই সমদল ।

ডিফু, ১৪ আগষ্ট : দেশৰ স্বাধীনতা দিৱস প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা বিশেষ দিন । ইফালে এইবাৰে দেশবাসীয়ে 76 সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ ওলাইছে (76th Independence day of India)। দেশৰ সকলো নাগৰিকৰ বাবে ই এক গৌৰৱৰ কথা । যাৰ বাবে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বাধীনতা দিৱসক লৈ প্ৰস্তুতি চলাইছে ।

ইফালে সমগ্ৰ দেশত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি থকা হৈছে (Azadi Ka Amrit Mahotsav)। দেশপ্ৰেম আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰি ডিফুত এইবাৰৰ হাতে হাতে জাতীয় পতাকা লৈ ওলাই আহিল ইছলাম ধৰ্মী লোকসকল (Tiranga Rally by Diphu Masjid Committee)। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ডিফু মছজিদ কমিটিৰ উদ্যোগত উলিওৱা হ'ল এক সমদল ।

হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ডিফু চহৰৰ মাজেৰে সমদলত অংশ ল'লে শতাধিক ইছলাম ধৰ্মী লোকে ৷ ভাৰত মাতা কী জয়, বন্দে মাতৰম, হিন্দুস্তান জিন্দাবাদ আদি ধ্বনিৰে মুখৰিত হ'ল ডিফু চহৰ ।

ডিফুত ইছলাম ধৰ্মী লোকৰ সমদল

মছজিদ কমিটিৰ সভাপতি তাজ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে সমদলটোৰ নেতৃত্ব দিয়ে ৷ সদলটোত ডিফু মছজিদৰ ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমি, হাফিজ বদিউজ জামান আৰু বহু লোকে অংশগ্ৰহণ কৰে । সমদলৰ অন্তত ডিফু মছজিদ কমিটিৰ ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমিয়ে কয় যে তেওঁলোকৰ ধৰ্মত নিজৰ মাতৃভূমিক ভাল পাবলৈ আৰু শ্ৰদ্ধা কৰিবলৈ কোৱা হৈছে ৷

তেওঁ আনকি এই দেশৰ মাটিত জন্ম হোৱাৰ পিছত ইয়াতে মৃত্যু হোৱাটো কামনা কৰিছে ৷ মুঠতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিফুৰ এই সমদলে বিশেষ মাত্ৰা প্ৰদান কৰে । ইফালে কাৰ্বি আংলং জিলাত ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে (Har Ghar Tiranga in Diphu)। কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে, বিভিন্ন প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰা হৈছে ।

লগতে পঢ়ক :দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.