Black Friday : ৰাজ্যৰ দুই স্থানত সংঘটিত দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিগৰাকীৰ

author img

By

Published : Sep 18, 2021, 12:11 PM IST

Terrible road mishap

বিশ্বকৰ্মা পূজাৰ নিশা ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱায় তিনিগৰাকী লোকে ৷ প্ৰকৃততে বাহনৰ তীব্ৰবেগৰ ফলতে সংঘটিত হৈছিল দুৰ্ঘটনা দুটা ৷

ডিফু/নগাঁও, 18 ছেপ্তেম্বৰ : বিশ্ব খনিকৰৰ পূজাৰ দিনাই ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা খটখটী আৰক্ষী চকীৰ অন্তৰ্গত নতুন পেট্ৰ’ল পাম্পৰ সমীপৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । ঘটনাৰ তথ্য অনুসৰি, এখন মটৰ চাইকেলত বোকাজানৰ পৰা লাহৰীজানস্থিত ঘৰলৈ গৈ আছিল দুই যুৱক ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, AS-09 F-6158 নম্বৰৰ দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখন তীব্ৰবেগত গৈ থকাৰ ফলত হেৰুৱাই নিয়ন্ত্ৰণ ৷ যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখন ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বাগৰি পৰাৰ সময়তে অচিনাক্ত কোনো বাহনে যুৱকদ্বয়ৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ ফলত থিতাতে নিহত হয় মটৰ চাইকেলৰ আৰোহীজন ৷ তদুপৰি চালকৰ লগত থকা যুৱকজন গুৰুতৰভাৱে আহত হয় ৷

Terrible road mishap
বিশ্বকৰ্মা পূজাৰ নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা

পৰৱৰ্তী সময়ত খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষীৰ তৎপৰতাত আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ লগতে নিহত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: NGO ৰ নামত ধন সংগ্ৰহ কৰি সাধাৰণ ৰাইজক ৰাম ঠগন দুই প্ৰৱঞ্চকৰ

ইফালে ডিফুৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হয় নগাঁৱত ৷ শুকুৰবাৰে নিশা নগাঁও চহৰৰ অভিমুখে দ্ৰুতবেগত আহি থকা অৱস্থাত ডিমৰুগুৰিত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এডাল গছত । মূহুৰ্ততে AS 02 R 7024 নম্বৰৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷

উক্ত দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আন এজন লোকৰ । নিহত হোৱা লোকজন ডিব্ৰুগড়ৰ হিমাংশু কাকতি বুলি জানিব পৰা গৈছে । বাহনখনত থকা নগাঁৱৰ কচলখোৱাৰ মানৱজ্যোতি শইকীয়া, পুৰণিগুদামৰ ৰাধাগোবিন্দ বৰা আৰু হয়বৰগাঁৱৰ চিনাছু আগৰৱালা নামৰ তিনিজন লোক আহত হয় ।

ইয়াৰে পুৰণিগুদামৰ ৰাধাগোবিন্দ বৰাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে ৷ নিহত দুয়োজন লোকক নগাঁও যান-বাহন আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰে ৷ নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত এই পথ দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে শোকৰ ছাঁ ।

লগতে পঢ়ক: দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.