ETV Bharat / state

ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই যুৱক

author img

By

Published : May 14, 2021, 8:16 PM IST

শুকুৰবাৰে বিয়লি হাওৰাঘাট থানাৰ অন্তৰ্গত তথা উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অধীনস্থ ফুলনিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ এএছ-০৯-এইচ-০৬২৭ নম্বৰৰ মাৰুতি এল্ট’ এখনৰ সৈতে এএছ-০৯-ই-১০৩৩ নম্বৰৰ এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই পথ দুৰ্ঘটনাত নিহত হয় দুজন ব্যক্তি ৷

ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই যুৱক
ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই যুৱক

ডিফু, 14 মে’ : শুকুৰবাৰে বিয়লি হাওৰাঘাট থানাৰ অন্তৰ্গত তথা উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অধীনস্থ ফুলনিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত হয় দুজন ব্যক্তি ৷

ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে বিয়লি প্ৰায় 3:30 বজাত ফুলনিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপতে বিপৰীত দিশৰ পৰা আহি থকা এএছ-০৯-এইচ-০৬২৭ নম্বৰৰ মাৰুতী এল্ট’ এখনৰ সৈতে এএছ-০৯-ই-১০৩৩ নম্বৰৰ এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হয় । ফলত মটৰ চাইকেলৰ দুই আৰোহী অতি গুৰুতৰভাৱে আহত হয় । আহত দুয়োগৰাকীকে ততাতৈয়াকৈ বকলীয়াঘাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই ইয়াৰে এজন নিহত হয় ।

নিহত যুৱকজন ঢেকীয়াজুলিৰ ৰাইথাই বসুমতাৰী (২২) বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাত আহত আনজন যুৱক কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত চিপিপলাংছ’ৰ অজয় নাৰ্জাৰী (১৮) বুলি চিনাক্ত কৰা হৈছে । আহত যুৱকজনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.