ETV Bharat / state

কানিসহ আৰক্ষীৰ জালত দুজন

author img

By

Published : Apr 11, 2022, 9:43 PM IST

ড্ৰাগছ গাঞ্জাৰ বিৰুদ্ধে অবিৰত আৰক্ষীৰ আৰক্ষীৰ অভিযান(Police Against Drugs) । বোকাজানৰ খাকৰজানত প্ৰায় ৫০ লক্ষাধিক টকাৰ কানিসহ আৰক্ষীৰ জালত পৰিল দুজন ।

suspected opium seized
কানিসহ আৰক্ষীৰ জালত দুজন: জব্দ ৫০ লক্ষাধিক টকাৰ কানি

ডিফু,১১ এপ্ৰিল : নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত(Police Against Drugs) । আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ । ইয়াৰ মাজতে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ আন এক বৃহৎ সফলতা ৷

সোমবাৰে নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে বৰপথাৰৰ খাকৰাজানত এক অভিযান চলাই আৰক্ষীয়ে । এক গোপন তথ্যৰ ভিত্তিত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপেন বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান । খাকৰাজানত বহুওৱা নাকা তালাচীত বিয়লি এখন টেংকাৰত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ কানি ।

কানিসহ আৰক্ষীৰ জালত দুজন: জব্দ ৫০ লক্ষাধিক টকাৰ কানি

GJ12AT6129 নম্বৰৰ টেংকাৰ খনৰ পৰা প্ৰায় ৫০ লক্ষাধিক টকাৰ কানি জব্দ কৰাৰ লগতে আটক কৰে দুই সৰবৰাহকাৰীক(Police trapped Two suppliers with opium) । আৰক্ষীয়ে সৰবৰাটহকাৰী দুটাৰ পৰা জব্দ কৰে ৪৫ কিঃগ্ৰাঃ ওজনৰ ৪২টা সন্দেহযুক্ত কানিৰ পেকেট । আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে বাবুলাল বিচনী আৰু জলাৰাম বিচনী বুলি জানিব পৰা গৈছে ।

প্ৰাথমিক জেৰাত সৰবৰাহকাৰী দুটাই কানিখিনি বাইহাটা চাৰিআলিৰ সমীপৰ ঘাইপথত বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে । অধিক তথ্যৰ বাবে বৰ্তমানেও সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে বুলি সদৰি কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: GMC Election 2022: গুৱাহাটীক ন-কৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.