ETV Bharat / state

কাৰ্বি আংলঙত 7 গৰাকী ক'ভিড-19 ত আক্ৰান্ত

author img

By

Published : Apr 12, 2021, 9:38 PM IST

seven people detected covid positive in karbi anglong
কাৰ্বি আংলঙত 7 জন ব্যক্তি কৰণা’ত আক্ৰান্ত

কাৰ্বি আংলঙত ৭ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ ৰ উপস্থিতি ৷ আক্ৰান্ত সকলৰ 4 জন অসম ৰাইফলছৰ জোৱান ৷ ১ মাৰ্চৰ পৰা ১১ এপ্ৰিল পৰ্যন্ত জিলাখনত কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল ১০২ গৰাকী লোকৰ স্বাৱ ৷

ডিফু, ১২ এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ক'ভিড-১৯ য়ে লৈছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ কাৰ্বি আংলং জিলাত মুঠ ৭ জন লোকৰ দেহত ক'ভিড - ১৯ ৰ সংক্ৰমণ ঘটিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰতে অসম ৰাইফলছৰ জোৱানো ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত ১ মাৰ্চৰ পৰা ১১ এপ্ৰিল পৰ্যন্ত জিলাখনত কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগে ১০২ গৰাকী লোকৰ স্বাৱ সংগ্ৰহ কৰিছিল ৷ স্বাৱ সংগ্ৰহ কৰা ব্যক্তি সকলৰ মাজত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলৰ তিনিজনকৈ লোকৰ দেহত ক'ভিড -১৯ ৰ উপস্থিতি ধৰা পৰে ৷

ইফালে পূৱ কাৰ্বি আংলং জিলাৰ ৪ গৰাকী লোকৰ দেহতো ক'ভিড - ১৯ উপস্থিতি পোৱা গৈছে ৷ পূৱ কাৰ্বি আংলং জিলাত আক্ৰান্ত হোৱা চাৰিও গৰাকী লোক অসম ৰাইফলছৰ জোৱান বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে চাৰিওগৰাকী জোৱানৰে ভ্ৰমণ বৃত্তান্ত আছে ৷

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো ক'ৰণা অতিমাৰীৰ সংক্ৰমণে পুনৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ অতিমাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তত, নৈশ সান্ধ্য আইন, 144 ধাৰা জাৰি, লকডাউন আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.