ETV Bharat / state

Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ অধিৱেশনৰ সামৰণি

author img

By

Published : Jan 30, 2023, 4:33 PM IST

লাংহিনত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ বাৰ্ষিক অধিবেশনত কবিতাপুথি 'নামামৃত' আৰু 'প্ৰাৰ্থনা ঘোষণা পুৱা গধূলি অকণিৰ হাতপুথি' উন্মোচন (Karbi Anglong Srimanta Sankardeva Sangha)। মুকলি সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতিয়ে ।

Session of  Karbi Anglong Srimanta Sankardeva Sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশন

ডিফু, ৩০ জানুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনখনিৰ দেওবাৰে সামৰণি পৰে (Session of Karbi Anglong Srimanta Sankardeva Sangha)। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলাৱৰ আঞ্চলিক শাখাৰ আতিথ্যত এই বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয় । জিলাখনৰ লাংহিনত যোৱা ২৮ জানুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনখনিৰ কালি সফল সামৰণি পৰে । অধিবেশনখনিৰ দুয়োটা দিনতেই বিভিন্ন কাৰ্যসূচীত জিলাখনৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনখনৰ অন্তিম দিনা পুৱাৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰা হয় (Session of Srimanta Sankardeva Sangha in Langhin)। ইয়াৰ পিচতে ধৰ্মধ্বজা উত্তোলন কৰা হয় । এই ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতি কুমৰ কান্ত বৰাই । এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

ইয়াৰ পিচতে মুকলি সভা অনুষ্ঠিত হয় । এই মুকলি সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতি কুমৰ কান্ত বৰাই । তেওঁ ভাষণ প্ৰসংগত কয় যে, শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৭ সংখ্যক অধিবেশনত ভকত-বৈঞ্চৱ সকলৰ যথেষ্ট সঁহাৰি পোৱা গৈছে ৷ আনহাতে, নৱ নিযুক্ত সভাপতি হিচাবে শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা সমিতিৰ উত্তৰণৰ বাবে তেওঁ নিষ্ঠা সহকাৰে কাম কৰি যাব ৷

এই সভাখনত স্মৃতিগ্ৰন্থ 'শিৰোমণি' উন্মোচন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ মৃণাল কুমাৰ বৰুৱাই কবিতা পুথি 'নামামৃত' আৰু 'প্ৰাৰ্থনা ঘোষণা পুৱা গধূলি অকণিৰ হাতপুথি' উন্মোচন কৰে (Book released in Diphu)।

এই পুথি দুখন উন্মোচন কৰি তেওঁ কয় যে ভৌগলিক দূৰত্ব থাকিলেও শংকৰদেৱ শংঘৰ ভক্তপ্ৰাণ সকলৰ মনপ্ৰাণ সদায় ওচৰত অৱস্থান কৰে ৷ তেওঁ পুনৰ কয় যে শংকৰদেৱ সংঘৰ অধিবেশনলৈ সংঘৰ শিশুৰ পৰা বৃদ্ধ বণিতালৈ চৰম হেঁপাহ আৰু শিহৰণ থাকে যিয়ে শংকৰদেৱ সংঘৰ সদস্য-কৰ্মী সকলক ঐক্যৱদ্ধ কৰি ৰখাত সহায় কৰে ৷ সভাখনত বহু কেইগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে । আনহাতে, শলাগৰ শৰাই আগবঢ়ায় আদৰণি সমিতিৰ সম্পাদক ঋতু ৰাজ বৰুৱাই ।

লগতে পঢ়ক:Congress hoists tricolor at Srinagar party office : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব 21 টা ৰাজনৈতিক দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.