ETV Bharat / state

কাৰ্বি আংলঙত 3695 খন গ্ৰাম পৰিষদ গঠনৰ সিদ্ধান্ত

author img

By

Published : Aug 21, 2022, 1:28 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে জিলাখনত গ্ৰাম পৰিষদ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত মিকিৰ পাহাৰ স্বায়ত্ব শাসিত ন্যায় প্ৰশাসন 1954 অধিনিয়ম আৰু গাঁও পৰিষদ গঠন অসম স্বায়ত্ব শাসিত 1957 অধিনিয়ম (Assam Autonomous 1957 Act) সম্পৰ্কে আয়োজিত আলোচনা চক্ৰত বিষয়টো সদৰি কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাসী সদস্য তুলিৰাম ৰংহাঙে ।

Final draft of Village Council
কাৰ্বি আংলঙত 3695খন গ্ৰাম পৰিষদ গঠনৰ সিদ্ধান্ত

ডিফু, ২১আগষ্ট: কাৰ্বি আংলং জিলাৰ ডিফুত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত (Arboretum and Craft Center) গ্ৰাম পৰিষদ গঠন সন্দৰ্ভত শনিবাৰে এখন আলোচনা চক্ৰ সম্পন্ন হয় । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাসী সদস্য (Chief Executive Member of Karbi Anglong Autonomous Council) তুলিৰাম ৰংহাঙৰ পৌৰোহিত্যত'মিকিৰ পাহাৰ স্বায়ত্ত শাসিত(ন্যায় প্ৰশাসন)1954 অধিনিয়ম (Mikir Hills Autonomous Administration of Justice 1954 Act) আৰু গাঁও পৰিষদ গঠন' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

Final draft of Village Council
কাৰ্বি আংলঙত 3695খন গ্ৰাম পৰিষদ গঠনৰ সিদ্ধান্ত

উক্ত আলোচনা চক্ৰখনত মিকিৰ পাহাৰ স্বায়ত্ত শাসিত(ন্যায় প্ৰশাসন)1954 অধিনিয়ম আৰু গাঁও পৰিষদ গঠন অসম স্বায়ত্ত শাসিত1957 অধিনিয়ম (Assam Autonomous 1957 Act) আৰু অসম প্ৰশাসনীয় কাৰ্বি আংলং জিলা-2009 আইনৰ (Karbi Anglong District 2009 Act) সম্পৰ্কে আলোচনা কৰা হয় । এই তিনিওখন আইনৰ বিষয়ত আলোচনা কৰাৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জিলাখনত গ্ৰাম পৰিষদ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে ।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পুনৰ কয় যে সমগ্ৰ জিলাতে 3695 খন গ্ৰাম পৰিষদ গঠন কৰা হ'ব । ইয়াৰে 209 খন গ্ৰাম পৰিষদ গঠন কৰিবলৈ সকলো সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, বাকী থকা 1902খন গ্ৰাম পৰিষদো গঠনৰ সিদ্ধান্ত গ্ৰহণৰ কথা ৰংহাঙে সদৰি কৰে । উক্ত সভাত গ্ৰাম পৰিষদ গঠন কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰা হয় ।

এই সভাখনতেই গ্ৰাম পৰিষদ গঠন ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাসী সদস্য এলৱিন টেৰনক অধ্যক্ষ হিচাপে লৈ এখন গঠন কৰা হয় । এই সমিতিক গ্ৰাম পৰিষদ গঠনৰ সম্পৰ্কে খচৰা প্ৰস্তুত কৰিবলৈ সভাত সময় নিৰ্ধাৰণ কৰা হয় । লগতে এই সমিতিখনক নৱেম্বৰৰ ভিতৰত গ্ৰাম পৰিষদৰ চূড়ান্ত খচৰাৰ (Final draft of Village Council) প্ৰতিলিপিখন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ হাতত অৰ্পণ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আহবান জনায় ।

লগতে পঢ়ক:তেজপুৰৰ শলমৰাস্থিত সেনা এলেকাৰ পৰা নিৰুদ্দেশ এগৰাকী স্কুলীয়া ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.