ETV Bharat / state

ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ক'ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ

author img

By

Published : May 30, 2021, 11:18 AM IST

ষ্টেট বেংক অৱ ইণ্ডিয়া নগাঁও আঞ্চলিকৰ উদ্যোগত আৰু ডিফু শাখা কাৰ্যালয়ৰ সহযোগত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড আইচিইউলৈ চিকিৎসা সামগ্ৰী প্ৰদান ৷ কেৱল ডিফু চিকিৎসা মহাবিদ্যালয়তে নহয়, এছবিআইৰ ফালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২০ খন আইচিইউযুক্ত বিচনা প্ৰদান কৰা হৈছে ৷

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউলৈ ক'ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউলৈ ক'ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ

ডিফু,30 মে': ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নগাঁও আঞ্চলিকৰ উদ্যোগত আৰু ডিফু শাখা কাৰ্যালয়ৰ সহযোগত শনিবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড আই চি ইউ ৱাৰ্ডত ক'ভিডৰ লগত জড়িত চিকিৎসা সামগ্ৰী প্ৰদান কৰা হয় ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লকত মহাবিদ্যালয়খনৰ অধ্যক্ষা সুমিত্ৰা হেগজেৰৰ হাতত চিকিৎসা সামগ্ৰীখিনি অৰ্পণ কৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিফু শাখা কাৰ্যালয়ৰ কৰ্তৃপক্ষই ৷

ডিফু শাখা কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক নীৰজ কুমাৰ, এল ডি এম ৰাজ্যজিৎ সাহা, বিশেষ সহায়ক গৌতম কুমাৰ ৰয় আৰু জ্যেষ্ঠ সহায়ক ঘনশ্যাম টেৰণ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা সুমিত্ৰা হেগজেৰাই ষ্টেট বেংকৰ এনে কামৰ বাবে এছবিআইলৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷

ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ক'ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত এছবিআইৰ ডিফু শাখাৰ মুখ্য প্ৰৱন্ধক নীৰজ কুমাৰে কয় যে, মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা বিশ্বব্যাপী ক'ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি আপাতকালীন অৱস্থাত সামাজিক দায়বদ্ধতা নিষ্ঠা সহকাৰে সম্পন্ন কৰি আহিছে স্বাস্থ্য বিভাগে ৷ সেয়ে সামৰ্থ অনুযায়ী এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন চিকিৎসা সামগ্ৰী প্ৰদান কৰি আহিছে ষ্টেট বেংক অৱ ইণ্ডিয়াই ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এছবিআইৰ মুখ্য মহা প্ৰৱন্ধকে ১২০ খন আইচিইউযুক্ত বিচনা প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইয়াৰ লগত সংগতি ৰাখি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড আই চি ইউলৈ চিকিৎসা সামগ্ৰীসমূহ প্ৰদান কৰা হয় ৷

সামাজিক দায়বদ্ধতাৰ প্ৰতি এছবিআইৰ কাৰ্যকলাপ ভৱিষ্যতলৈ অব্যাহত থাকিব বুলি মন্তব্য কৰে মুখ্য প্ৰৱন্ধক গৰাকীয়ে ৷ এছ বি আইৰ এনে কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক: নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.