কাৰ্বি আংলঙত শোকাৱহ দুৰ্ঘটনা, নিহত এক দম্পতী

author img

By

Published : Sep 24, 2022, 2:20 PM IST

Updated : Sep 24, 2022, 3:44 PM IST

Road Accident in Karbi Anglong Two died

কাৰ্বি আংলঙত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident in Karbi Anglong) ৷ মৰ্নিংৱাকৰ বাবে ওলাই অহা এহাল দম্পতীক মহতীয়াই নিলে এখন চাৰিচকীয়া বাহনে ৷

ডিফু, 24 ছেপ্টেম্বৰ: কাৰ্বি আংলঙত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident in Karbi Anglong) ৷ এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে এক দম্পতীক ৷ মৰ্নিংৱাকৰ বাবে ওলাই আহিছিল নিহত দম্পতী হাল ৷

ঘটনা অনুসৰি, পুৱা মৰ্নিংৱাকৰ বাবে ওলাই আহিছিল ৰেচম বিভাগৰ বিষয়া দিলীপছন ৰংফাৰ, পত্নী নিশা ৰংপিপী ৷ তাৰ পিছতেই ডকমকা আৰক্ষী থানা (Dokmoka Police Station) এলেকাৰ শিলধৰমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ডিফুৰ পৰা গুৱাহাটী অভিমুখী এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দম্পত্তিহালক মহতিয়াই নিয়ে ৷

কাৰ্বি আংলঙত শোকাৱহ দুৰ্ঘটনা

ফলত থিতাতে নিহত হয় দিলীপছন ৰংফাৰ ৷ লগতে গুৰুতৰভাৱে আহত হয় নিশা ৰংপিপী ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰতৰভাৱে আহত নিশা ৰংপিপীক স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে ডকমকা চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ যদিও উন্নত অৱস্থাৰ বাবে গুৱাহাটীলৈ কৰা হৈছিল ৰংপিপীক ৷

পিছে গুৱাহাটী গৈ নাপাওঁতে নগাঁৱতেই শেষ নিশ্বাস ত্যাগ কৰে নিশা ৰংপিপীয়ে (Two died in road accident) ৷ ইতিমধ্যে ঘটনাস্থলীত ডকমকা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালকসহ চাৰি যাত্ৰীক আটক কৰে ৷

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰৰ পৰা মৃত্যুৰ ভাবুকি : কি চলিছে কৰিমগঞ্জ জিলা কাৰাগাৰৰ ভিতৰত ?

Last Updated :Sep 24, 2022, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.