কাৰাগাৰৰ ভিতৰৰ পৰা মৃত্যুৰ ভাবুকি : কি চলিছে কৰিমগঞ্জ জিলা কাৰাগাৰৰ ভিতৰত ?

author img

By

Published : Sep 24, 2022, 11:09 AM IST

Updated : Sep 24, 2022, 2:34 PM IST

prisoner-threatened-from-inside-jail

সুৰক্ষিত নহয় অসমৰ কাৰাগাৰসমূহ ! কাৰাগাৰৰ ভিতৰত চলে ড্ৰাগছ বেহা, চলে মাৰপিট । কাৰাগাৰৰ ভিতৰৰ পৰা কয়দীয়ে ফোন কৰি বিভিন্নজনক দিয়ে ভাবুকি । এই কৰিমগঞ্জ জিলা কাৰাগাৰৰ দুৰৱস্থা ছবি পোহৰলৈ আহিছে (Karimganj District Jail condition)। ভগৱানৰ কৃপাত চলি আছে কাৰাগাৰখন ।

কৰিমগঞ্জ, ২৪ ছেপ্টেম্বৰ : কৰিমগঞ্জ জিলা কাৰাগাৰৰ ভিতৰত আচলতে কি চলে ? বিভিন্ন অপৰাধৰ পৰিকল্পনাও কাৰাগাৰৰ ভিতৰৰ পৰাই হয় নেকি ? কোনো দুৰ্ধৰ্ষ অপৰাধীয়ে সকলো নিয়ন্ত্ৰণ কৰে নেকি ? অপৰাধীয়ে নিয়ন্ত্ৰণ কৰে নেকি কাৰাগাৰ কৰ্তৃপক্ষক ?

কৰিমগঞ্জ কাৰাগাৰৰ ভিতৰত যি চলিছে সেই কথা শুনিলে আপোনাৰ মনতো এইবোৰ প্ৰশ্ন উত্থাপন হ'ব । কাৰাগাৰৰ ভিতৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । কাৰাগাৰৰ ভিতৰৰ পৰা দাগী আচামীয়ে ফোন কৰি বিভিন্নজনক ভাবুকি প্ৰদান কৰি আহিছে(Death threatening from inside jail)। এই ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ।

এবাৰ দুবাৰ নহয় প্ৰায় ৭২০ গৰাকী ব্যক্তিক কাৰাগাৰৰ পৰা আচামীয়ে ফোন কৰি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে (Threatening call from Karimganj District Jail)। কাৰাগাৰৰ ভিতৰত মোবাইল ফোন ব্যবহাৰ কঠোৰভাৱে নিষিদ্ধ যদিও তাৰ পৰাই ৭২০ টা ভাবুকিৰ ফোন কলৰ তথ্য লাভ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে (Prisoner use cell phone inside jail in Karimganj)। যাক লৈ বিবুদ্ধিত পৰিছে আৰক্ষী ।

ইতিমধ্যে সমগ্ৰ বিষয়টোত অনুসন্ধানো আৰম্ভ কৰিছে আৰক্ষীয়ে । ইফালে কাৰাগাৰৰ অধীক্ষকেও এই অভিযোগৰ কথা স্বীকাৰ কৰিছে । অধীক্ষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আচলতে কাৰাগাৰৰ ভিতৰত কৰ্মীৰ সংখ্যা কম থকাৰ বাবেই এনে ঘটনা সংঘটিত হৈ আহিছে । ১৮৮২ চনতে স্থাপন হোৱা কাৰাগাৰখন সুৰক্ষিত নোহোৱাৰ কথাও আওপকীয়াকৈ হ'লেও স্বীকাৰ কৰিছে অধীক্ষকে । আনকি তেওঁ মন্তব্য কৰে যে ভগবান ভৰসাতে চলি আছে কাৰাগাৰখন ।

১৮৮২ চনত স্থাপন হোৱা ১৪০ বছৰ পুৰণি কৰিমগঞ্জ জিলা কাৰাগাৰৰ বৰ্তমান অৱস্থা এয়া (Poor infrastructure of Karimganj District jail)। অধীক্ষকে নিজে স্বীকাৰ কৰিছে কাৰাগাৰৰ দুৰৱস্থাৰ কথা । জানিব পৰা মতে এক বিশৃংখল পৰিৱেশে বিৰাজ কৰি আহিছে কাৰাগাৰৰ ভিতৰত । যাৰ পৰিণতি স্বৰূপে কাৰাগাৰৰ ভিতৰৰ পৰা দাগী আচামীয়ে ফোন কৰি বিভিন্নজনক ভাবুকি প্ৰদান কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

ইয়াৰ পূৰ্বেও বহু কেইবাৰ কাৰাগাৰটোৰ ভিতৰত ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছিল । আচলতে কৰিমগঞ্জৰ বদৰপুৰ এলেকাৰ এগৰাকী লোকক ধনদাবী আৰু মৃত্যুৰ ভাবুকি প্ৰদান কৰি জেলৰ ভিতৰৰ পৰা আচামীয়ে ফোন কৰিছে । ইতিমধ্যে ভুক্তভোগী লোকজনৰ পত্নীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে । সেই মৰ্মে আদালতৰ নিৰ্দেশত কৰিমগঞ্জ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

তদন্তত কাৰাগাৰটোৰ ভিতৰৰ পৰা মুঠ ৭২০ টা ভাবুকি ফোন কলৰ তথ্য লাভ কৰাৰ পিছতে চিন্তিত কৰি তুলিছে কৰিমগঞ্জ আৰক্ষীক । কাৰাগাৰৰ অধীক্ষকে উল্লেখ কৰা মতে কাৰাগাৰৰ ভিতৰত কৰ্মীৰ সংখ্যা কম বাবেই এই ঘটনা সংঘটিত হৈছে (Security system of Karimganj District Jail)। অৱশ্যে এই কথা অস্বীকাৰ কৰিব নোৱাৰি । কিয়নো ১৮৭ গৰাকী আচামী থাকিব পৰা কাৰাগাৰটোত বৰ্তমান আছে মুঠ ৪৬৬ গৰাকী আচামী । ২৫০ এনডিপিএছ গোচৰৰ আচামীসহ বিদেশী কয়েদী আছে ৩৩ গৰাকী ।

ইয়াৰ বিপৰীতে ৰক্ষীৰ সংখ্যা অতি নগন্য বুলি জনাইছে কাৰাগাৰৰ অধীক্ষকে । আনকি মহিলা ৰক্ষী আছে মাত্ৰ এগৰাকী । এনে পৰিস্থিতিত চৰকাৰে কৰিমগঞ্জ জিলা কাৰাগাৰৰ বাবে কি ব্যবস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :গ্ৰেপ্তাৰ নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্ত, গুৱাহাটী অভিমুখে ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল

Last Updated :Sep 24, 2022, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.