ETV Bharat / state

বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Mar 14, 2021, 8:34 PM IST

দেওবাৰে বিয়লি বকলীয়াঘাটত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৷

বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা
বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিফু,১৪ মাৰ্চ: দেওবাৰে বিয়লি বকলীয়াঘাটত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৷

বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা
বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে বিয়লি এ এছ ০৯ ই ০৮২৫ নম্বৰৰ তীব্ৰবেগী পালচাৰ বাইক এখনে বকলীয়াঘাট থানাৰ অন্তৰ্গত পাট্ৰাদিছাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা খুঁটাত খুন্দা মাৰে ৷ ফলত বাইকখনত থকা তিনিজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা
বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

আহত লোক কেইজনক স্থানীয় লোকৰ তৎপৰতাত বকলীয়াঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে বকলীয়াঘাট ক্লুৰডুঙৰ ১৮ বছৰীয়া জুৰি হাঞ্চেৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । আহত আন দুগৰাকী বাইক আৰোহী ক্ৰমে লংছ’বই নিবাসী ২০ বছৰীয়া চেমুৱেল হাঞ্চে আৰু ১৮ বছৰীয়া এল’ন হাঞ্চে বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত প্ৰশাসনৰ উদ্যোগত স্বাক্ষৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.