ETV Bharat / state

KAAC Election 2022 : সংশোধিত ভোটাৰ তালিকা প্ৰকাশ

author img

By

Published : Feb 24, 2022, 10:43 PM IST

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি (Karbi Anglong DC organaize press conference) ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ পৰিষদীয় সমষ্টিৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে (Revised voter list released) ৷

New voter list for KAAC Election releashed
ডিফু নিৰ্বাচনী জিলাৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ

ডিফু, 24 ফেব্ৰুৱাৰী : ক্ৰমাৎ চমু চাপি আহিছে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC Election 2022) ৷ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰাও আৰম্ভ হৈছে নিৰ্বাচনী প্ৰস্তুতি ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি (Karbi Anglong DC organaize press conference) ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ পৰিষদীয় সমষ্টিৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে (Revised voter list released) ৷ লগতে আগন্তুক 25 মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷

এই সংশোধিত ভোটাৰ তালিকা অনুসৰি, 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিত 37 টা ভোট কেন্দ্ৰত বাদ পৰি যোৱা ভোটাৰৰ সংখ্যা 763 জন, 11 নং লাংফেৰ সমষ্টিৰ 48 টা ভোট কেন্দ্ৰত 692জন, 12 নং ফুলনি সমষ্টিৰ 28 টা ভোট কেন্দ্ৰত 164 জন, 13 নং লাংহিন সমষ্টিৰ 32 টা ভোট কেন্দ্ৰত 91 জন, 14 নং কৰকাণ্ঠি সমষ্টিত 36 টা ভোট কেন্দ্ৰত 287টা , 15 নং মহামায়া সমষ্টিত 30 টা ভোট কেন্দ্ৰৰ 263 জন, 16 নং নমাটি সমষ্টিৰ 25 টা ভোট কেন্দ্ৰত বাদ পৰি যোৱা ভোটাৰৰ সংখ্যা 194 জন ৷

ডিফু নিৰ্বাচনী জিলাৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ

ইয়াৰোপৰি, 18 নং লুম্বাজং সমষ্টিৰ 85 ভোট কেন্দ্ৰৰ 1382 জন , 29 নং ধনশিৰি সমষ্টিৰ 54 টা ভোট কেন্দ্ৰৰ 896 জন আৰু 20 নং সিংহাসন পৰিষদীয় সমষ্টিৰ 29 টা ভোট কেন্দ্ৰৰ 50 জন ভোটাৰকে ধৰি মুঠ বাদ পৰা ভোটাৰৰ সংখ্যা 4782 গৰাকী বুলি জানিব পৰা গৈছে ৷ আনহাতে হাওৰাঘাট বিধান সভা সমষ্টিৰ 136022 গৰাকী আৰু ডিফু বিধানসভা সমষ্টিৰ 206093 গৰাকী ভোটাৰকে ধৰি এলেকাটোত মুঠ ভোটাৰৰ সংখ্যা 342115 গৰাকী বুলি এই সংশোধিত ভোটাৰ তালিকা উল্লেখ আছে ৷ এই আটাইকেইজন লোকে আগন্তুক 11 মাৰ্চৰ ভিতৰত নিজৰ ওজৰ-আপত্তি দৰ্শাব পাৰিব ৷

লগতে হাওৰাঘাট সমষ্টিৰ হাওৰাঘাট খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, লাংফেৰ সমষ্টিৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ কাৰ্যালয়, কৰকাণ্ঠি আৰু মহামায়া সমষ্টিৰ বাবে চামেলাংচ' খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, ন -মাটি-হাওৰাঘাট পৌৰ সভাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, আৰু লুম্বাজং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়, ধনশিৰি ৰঙা পাহাৰস্থিত ইষ্টাৰ্ণ ৰেঞ্জৰ ৰেঞ্জ বিষয়াৰ কাৰ্যালয় আৰু সিংহাসন সমষ্টিৰ বাবে লুম্বাজং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত নিজ নিজ ওজৰ-আপত্তি সমূহ দাখিল কৰিব পাৰিব বুলি জিলা উপায়ুক্ত গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Assam municipal election 2022: কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.