ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

author img

By

Published : Oct 7, 2020, 12:45 PM IST

পশ্চিম কাৰ্বি আংলঙত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক। মঙলবাৰে নিশা মুলাবেৰৰ উমখৃমি অঞ্চলৰ চিৰগাঁৱৰ পৰা বন বিভাগে জব্দ কৰে ট্ৰাকখন।

পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

কাৰ্বি আংলং, ৭অক্টোবৰ: পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে বন ধ্বংস যজ্ঞ। জিলাখনৰ অসম-মেঘালয় সীমান্তত জব্দ হৈছে ইখনৰ পিছত সিখন চোৰাং কাঠ কঢ়িওৱা ট্ৰাক। মঙলবাৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ মুলাবেৰৰ উমখৃমি অঞ্চলৰ চিৰগাঁৱৰ পৰা খেৰণি বন বিভাগে জব্দ কৰে এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক। অসমৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ কাঠৰ কুণ্ডা সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতেই বন বিভাগে জব্দ কৰে। বন বিভাগে কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখন জব্দ কৰে যদিও চোৰাং কাঠ সৰবৰাহকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ হয়।

জব্দকৃত ট্ৰাকখন খেৰণি বন বিভাগৰ কাৰ্যালয়লৈ লৈ অনাৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে। বিভাগীয় বিষয়া চন্দ্ৰছিং তিচ্ছ'ই কয় যে, বনকৰ্মীৰ অভাৱ, যাতায়াত ব্যৱস্থাৰ অভাৱৰ ফলত সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হবলগীয়া হৈছে । আনহাতে, বন বিভাগৰ কাৰ্যালয়ৰ পৰা সীমান্ত এলেকাৰ দূৰত্ব যথেষ্ট বেছি হোৱাৰ বাবেও চোৰাং কাঠ সৰবৰাহত বাধা প্ৰদান কৰাত বন বিভাগ বিফল হ'বলগীয়া হৈছে বুলি মন্তব্য কৰে বন বিষয়াগৰাকীয়ে।

উক্ত অঞ্চলসমূহৰ স্থানীয় একাংশ অসাধু লোক সৰবৰাহকাৰীৰ সৈতে পৰোক্ষভাৱে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে বিষয়াগৰাকীয়ে। কিয়নো, বনকৰ্মী ঘটনাস্থলী পোৱাৰ পূৰ্বেই সৰবৰাহকাৰীয়ে বাহন অথবা ট্ৰাক আদি এৰি প্ৰায়ে পলায়ন কৰে।

লগতে পঢ়ক :নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.