ETV Bharat / state

KAAC polls 2022: বেলট বাকচ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পুলিং বিষয়া-কৰ্মী

author img

By

Published : Jun 6, 2022, 10:48 PM IST

জিলা উপায়ুক্তৰ সংবাদমেল: বেলট বাকচ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল পুলিং বিষয়া কৰ্মী
জিলা উপায়ুক্তৰ সংবাদমেল: বেলট বাকচ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল পুলিং বিষয়া কৰ্মী

8 জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন (KAAC polls 2022) ৷ যাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কাৰ্বি আংলং জিলা প্ৰশাসন ৷ সোমবাৰে P-2 হিচাপে নামাকৰণ কৰা ২১ টা ভোট কেন্দ্ৰলৈ বেলট বাকচসহ ৰাওনা হ’ল পুলিং বিষয়া-কৰ্মীসকল (Polling agents leave for polling booths) ৷

ডিফু, ৬ জুন: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022) ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷ আজি অৰ্থাৎ সোমবাৰে পুলিং বিষ‌য়া কৰ্মীসকল ভোট গ্ৰহণৰ বাবে বেলট বাকচ আৰু যাৱতীয় সামগ্ৰী লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে (Polling agents leave for polling booths) ।

জিলা উপায়ুক্তৰ সংবাদমেল: বেলট বাকচ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল পুলিং বিষয়া কৰ্মী

সোমবাৰে ডিফুস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলা উপায়ুক্ত দিবাকৰ নাথে কয়, P-2 হিচাপে নামাকৰণ কৰা ২১ টা ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰমে লাংফেৰ-২ টা, লুম্বাজং-২ টা, কৰকাণ্ঠিৰ ৭ টা, নমাটিৰ ১ টা আৰু সিংহাসনৰ ৯ টা ভোট কেন্দ্ৰলৈ পুলিং বিষ‌য়া কৰ্মীসকল ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ভোটগ্ৰহণৰ সামগ্ৰী লৈ যাত্ৰা আৰম্ভ কৰিছে ।

লগতে, লুম্বাজং পৰিষদীয় সমষ্টিত ১৭ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত আৰক্ষীৰ লগতে পুলিং বিষ‌য়াসকলৰ সকলো মহিলাৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে । লগতে আগন্তুক 8 জুনত সকলো ভোটাৰে শ্লীপসমূহ সংগ্ৰহ কৰি ভোট কেন্দ্ৰলৈ গৈ ভোটদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.