ETV Bharat / state

কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

author img

By

Published : Apr 28, 2022, 10:50 PM IST

pm-modis-karbi-anglang-visit
কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধান মন্ত্ৰী মোডীয়ে

হৰ্ষ ধ্বনিৰে মুখৰিত কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ শান্তি, ঐক্য আৰু বিকাশৰ ৰেলী ৷ ‘‘ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰ য’তেই থাকিব ত'তেই সবকা সাথ সবকা বিকাশ, বিশ্বাস’’ থকাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi on double engine government) ৷

ডিফু, ২৮ এপ্ৰিল : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ লৰিনথেপিত ৭০০ বিঘা জোৰা এলেকাত আজি প্ৰধান মন্ত্ৰীৰ শান্তি, ঐক্য আৰু বিকাশৰ ৰেলী অনুষ্ঠিত হয় (PM Modi's Karbi anglang visit) ৷ অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যৌথ উদ্যোগত লক্ষ্যাধিক সমৰ্থকৰ অংশ গ্ৰহণেৰে জনসমূদ্ৰলৈ পৰিণত হোৱা ৰেলীত আজি পুৱা ১১ বজাত হেলিকাপ্তাৰেৰে উপস্থিত হোৱাৰ পিছত কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া লোকে পৰাম্পৰাগত লোক-কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি নৰেন্দ্ৰ মোডীক মূল মঞ্চলৈ আদৰি আনে ৷

প্ৰধানমন্ত্ৰী গৰাকীক মূল মঞ্চত পদাৰ্পন কৰাৰ লগে লগে উপস্থিত লক্ষ্যাধিক দৰ্শকে হাতে হাতে ক্ষুদ্ৰ ক্ষুদ্ৰ ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰাৰ ওপৰিও ৫ মিনিট সময়জুৰি 'মোডী, মোডী' হৰ্ষ ধ্বনিৰে সমগ্ৰ সমাৰোহথলী মোডীময় কৰি তোলে ৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীক কাৰ্বি পৰাম্পৰাগত পহ' জেকেট, জাম্বলি আথন আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় (warm welcome to PM Modi) ৷

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকীয়ে সমাৰোহ থলীৰ পৰাই মাঞ্জাত ২২০ কোটি ব্যয় সাপেক্ষে এখন পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলঙত ২০০ কোটি টকা ব্যয় সাপেক্ষে কৃষি মহাবিদ্যালয় আৰু ওমপেনাইত ৪৩ কোটি টকা ব্যয় সাপেক্ষে এখন চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Modi virtually inaugurated college in Karbi anglang) ৷

কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে

নিজৰ উদাত্ত ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে সমাৰোহ স্থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ মৰম, চেনেহখিনি আশীৰ্বাদ স্বৰূপ বুলি কয় ৷ 'আজাদী কা অমৃত মহোৎসৱ'ৰ সমান্তৰালকৈ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, ‘‘ভাজপাৰ ডাবল ইঞ্জিনৰ চৰকাৰ য’ত আছে তাত 'সবকা সাথ সবকা বিকাশ, বিশ্বাস আৰু প্ৰয়াস’’ৰ ভাৱনাৰে কাম কৰি যোৱা হ’ব ৷

জিলাখনত আজি স্থাপন হোৱা আধাৰশিলাই নৱ যুৱক-যুৱতী সকলৰ উজ্জল ভৱিষ্যতৰ সূচনা কৰিছে ৷ পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মৰাবিদ্যালয়, আৰু ডিগ্ৰী মহাবিদ্যালয়ত দৰিদ্ৰ যুৱক-যুৱতী সকলৰ পৰ্যাযাপ্ত শিক্ষা আহৰণৰ পথ প্ৰশস্ত কৰিব ৷ ইতিমধ্যে অস্ত্ৰ ত্যাগ কৰি ছটাকৈ উগ্ৰপন্থী সংগঠনে মূল সূঁতিলৈ ঘূৰি অহা যুৱক-যৱতী সকলৰ শান্তি চুক্তিৰ জৰিয়তে পুনঃ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

ইতিমধ্যে, জম্মু-কাশ্মীৰত শুভাৰম্ভ কৰা অমৃত সৰোবৰ আঁচনিৰ পিছত অসমতো ৩ সহস্ৰাধিক অমৃত সৰোবৰৰ আঁচনি শুভাৰম্ভ কৰিবলৈ পাই তেওঁ আনন্দিত বুলি কয় প্ৰধানমন্ত্ৰীয়ে ৷ বিগত সময়ছোৱাত জিলাখনত বোমা বাৰুদৰ শব্দ শুনা গৈছিল যদিও বৰ্তমান হাত চাপৰিৰ শব্দ শুনি পোৱা যায় মন্তব্য কৰে ৷ ২০২০ চনত বড়ো শান্তি চুক্তিৰ পিছত ত্ৰিপুৰা শান্তি চুক্তিয়ে শান্তিৰ চুক্তিৰ দুৱাৰ মুকলি হোৱাৰ পিছত কাৰ্বি শান্তি চুক্তিৰ জৰিয়তেও শান্তি স্থাপন হৈছে বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাবোৰ কেৱল আৱাজ যোজনা নহয় ই দৰিদ্ৰৰ সপোনৰ আৱাস বুলি কয় প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং ভ্ৰমণ এক গৌৰৱৰ বিষয় বুলি কয় ৷ তেওঁ কয় যে, ‘আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি অসমৰ প্ৰতিখন জিলাত প্ৰধান মন্ত্ৰীৰ ৭৫ খনকৈ অসমত মুঠ তিনি সহস্ৰাধিক সৰোবৰৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷

ইয়াৰ জৰিয়তে ৰাইজে পানীৰ সুবিধাৰ লগতে মীন, পালন আৰু বৃক্ষ ৰোপনেৰে পৰিৱেশ ৰক্ষা কৰিব পাৰিব ৷ ২০১৪ চনৰ পৰাই কাৰ্বি আংলং জিলাক উন্নয়নৰ শিখৰলৈ নিয়াৰ বাবে কাম কৰি গৈছে বুলি মন্তব্য কৰে ৷ কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে নিজৰ আদৰণি ভাষণত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবেই কাৰ্বি আংলঙত শান্তি স্থাপন হৈছে ৷

লগতে পঢ়ক : ৰতন টাটাৰ অসম প্ৰেমত মুগ্ধ ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.