ETV Bharat / state

বকলীয়াঘাটত মতিচাদ চৌহান নামৰ ব্যক্তিৰ মৃত্যুত শোকৰ ছাঁ

author img

By

Published : May 15, 2021, 10:33 PM IST

কৰ‘ণাত আক্ৰান্ত হৈ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত মতিচাদ চৌহান নামৰ এজন ব্যক্তিৰ মৃত্যু ৷ চৌহানৰ মৃত্যুত বকলীয়াঘাটত শোকৰ ছাঁ ৷ কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থাৰ চৌহানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ৷

বকলীয়াঘাটত মতিচাদ চৌহান নামৰ ব্যক্তিৰ মৃত্যুত শোকৰ ছাঁ
বকলীয়াঘাটত মতিচাদ চৌহান নামৰ ব্যক্তিৰ মৃত্যুত শোকৰ ছাঁ

ডিফু, ১৫ মে' : কৰ’ণাৰ শেহতীয়া সংক্ৰমণৰ ফলত কাৰ্বি আংলং জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ শুকুৰবাৰে সন্ধিয়া বকলীয়ঘাটৰ মতিচান্দ চৌহান (৬০) নামৰ লোকজন ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত বকলীয়াঘাট এলেকাত শোকৰ ছাঁ পৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা কিছুদিন ধৰি চৰ্দি, কাঁহ, জ্বৰত ভূগি থকা চৌহানে কৰ’ণাৰ পৰীক্ষাত কৰাত দেহত কৰনাৰ উপস্থিতি ধৰা পৰে ৷ কৰ’ণাত আক্ৰান্ত হোৱাত চৌহানক ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

ডিফুত চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে সন্ধিয়া প্ৰায় ছয় বজাত চৌহানৰ মৃত্যু হয় । উল্লেখযোগ্য যে, বকলীয়াঘাটত স্বাস্থ্যসেৱাৰ তেনেই পুতৌলগা অৱস্থাৰ সময়ৰে পৰা ফাৰ্মাচীৰে বকলীয়াঘাটৰ লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰি অহা মতিচাদ চৌহান আছিল বকলীয়াঘাটৰ এগৰাকী জনপ্ৰিয় ব্যক্তি ৷

চৌহানৰ আকস্মিক মৃত্যুৰ বাতৰিত বকলীয়াঘাট অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থায়ো চৌহানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে বৰপেটাত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.