ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

author img

By

Published : Feb 18, 2021, 7:07 PM IST

অহা ২৫ ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিবলগীয়া কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত এখনি বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰিব । অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিছে কার্বি আংলং জিলাৰ অন্যতম সশস্ত্র বিদ্রোহী সংগঠন পি ডি চি কেই।

PDCK SEND MEMORANDUM TO UNION home minister
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

ডিফু, ১৮ ফেব্রুৱাৰীঃ অসমৰ পার্বত্য জিলাকেইখনৰ কেইবাটাও দীর্ঘদিনীয়া ৰাজনৈতিক দাবীকে ধৰি বিভিন্ন দাবী পূৰণ কৰাৰ আর্জিৰে বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রীলৈ এখন স্মাৰকপত্র প্রেৰণ কৰে কার্বি আংলং জিলাৰ অন্যতম সশস্ত্র বিদ্রোহী সংগঠন পিপলছ ডেম‘ক্রেটিক কাউন্সিল অব কার্বি লংৰি চমুকৈ পি ডি চি কেই।

PDCK SEND MEMORANDUM TO UNION home minister
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

বৃহস্পতিবাৰে পুৱাৰ ভাগত আই বিৰ গুবাহাটীস্থিত যুটীয়া সঞ্চালকৰ জৰিয়তে কেন্দ্রীয় গৃহমন্ত্রীলে প্রেৰণ কৰা স্মাৰক পত্রখনত কার্বি আৰু আৰু ডিমা হাচাও জিলাৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যা সন্দর্ভত সবিস্তাৰে ব্যাখ্যা কৰাৰ লগতে ইয়াৰ সমাধানৰ বাবে সংগঠনটোৰ তৰফৰ পৰা কেন্দ্রীয় গৃহমন্ত্রীৰ ওচৰত কেইবাটাও গুৰুত্বপূর্ণ আৰ্জি জনােৱা হৈছে । পি ডি চি কেৰ অধ্যক্ষ জে কে লিজাং স্বাক্ষৰিত স্মাৰকপত্রখনত পার্বত্য জিলাকেইখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ স্বার্থত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ৰূপায়ণ কৰাৰ দাবী জনােৱাৰ লগতে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ অধীনত এখন স্বায়ত্বশাসিত ৰাজ্য গঠনৰ বাবে উ্থাপিত হােৱা দাবী সন্দর্ভত অধ্যয়নৰ আহ্বান জনোৱা হয় ৷ লগতে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ তথা অন্যান্য সংগঠনসমূহৰ সৈতে আলােচনাৰ বাবে এগৰাকী আয়ুক্তক নিযুক্তি প্রদানৰ বাবে দাবী জনােৱা হয় ।

PDCK SEND MEMORANDUM TO UNION home minister
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

আনহাতে কার্বি আংলং জিলাৰ বাহিৰেও অসমৰ অন্য এঘাৰখন জিলাত কার্বিসকলৰ বসতি আছে বুলি উল্লেখ কৰি স্মাৰকপত্ৰখনত ডিমাচা, গাৰো, তিৱা আদি জনজাতিসকলক স্বায়ত্বশাসিত জিলাৰ অন্তর্গত এলেকা আৰু অন্য জিলাতাে অনুসূচীত জনজাতিৰ মৰ্যদা প্রদান কৰাৰ কথা উল্লেখ কৰি স্বায়ত্বশাসিত জিলাৰ বাহিৰৰ এলেকাত বসবাস কৰি থকা কার্বিসকলকো অনুসূচীত জনজাতিৰ সকলাে সাসুবিধা প্রদানৰ বাবে দাবী জনােৱা হয় ।

PDCK SEND MEMORANDUM TO UNION home minister
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

আনহাতে মিছিং, তিৱা, ৰাভা, বড়াে আদি জনজাতীয় লােকসকলৰ আৰ্হিত স্বায়ত্বশাসিত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ বাবে ভৈয়াম কার্বি স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ লগতে ইয়াক উপগ্রহীয় ব্যৱস্থাৰ জৰিয়তে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সৈতে সংযুক্ত কৰাৰ দাবী জনােৱা হয় । ইয়াৰ উপৰিও কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ এলেকা তথা অসমৰ অন্যান্য কার্বি জনজাতি অধ্যুষিত এলেকাৰ অর্থনৈতিক উন্নয়নৰ স্বার্থত প্রাথমিকভাবে কমেও পাঁচ হাজাৰ কোটি টকাৰ আর্থিক সাহায্য প্রদানৰ বাবেও স্মাৰকপত্রযােগে দাবী জনােৱা হয় ।

আনহাতে, সংগঠনটোৰ কেডাৰসকলৰ শান্তিপূৰ্ণ ভবিষ্যতৰ স্বার্থত পি ডি চি কেৰ সকলাে কেডাৰৰ বিৰদ্ধে থকা অপৰাধমূলক গােচৰৰ পৰা ক্ষমাদান কৰাৰ লগত কেডাৰসকলৰ পুনঃসংস্থাপনৰ বাবে বিত্তীয় অনুদানৰ বাবে আবেদন জনােৱা হয় । আজিৰ এই স্মাৰকপত্র প্রদান অনুষ্ঠানত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্য কার্যবাহীগৰাকীৰ উপদেষ্টা এলৱিন টেৰণ, পি ডি চি কেৰ অধ্যক্ষ জে কে লিজাং আৰু সংগঠনটোৰ আন এগৰাকী শীর্ষনেতা কংকাট টেৰণ উপস্থিত থাকে ।

PDCK SEND MEMORANDUM TO UNION home minister
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ

উল্লেখ্য যে, অহা ২৫ ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিবলগীয়া কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত এখনি বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰিব । গৃহমন্ত্ৰীগৰাকীৰ উক্ত সভাখন সফল কৰাৰ বাবে ইতিমধ্যে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ব্যাপক আয়ােজন
চলােৱা হৈছে । কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ এনে ভ্রমণৰ প্রাকমূহুর্তত উক্ত স্মাৰকপত্র প্রেৰণ বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে । ইফালে জিলাখনত বহু বছৰ ধৰি সশস্ত্র তৎপৰতা অব্যাহত ৰখা পি ডি চি কেই ১৭ ফেব্রুৱাৰীৰ পৰা কার্যকৰী হােৱাকৈ অলপতে একপক্ষীয় যুদ্ধবিৰতি ঘােষণা
কৰিছিল ।
লগতে পঢ়ক: হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.