ETV Bharat / state

জিৰিকেন্দিঙত হাতে সজা বন্দুকসহ এজন গ্ৰেপ্তাৰ

author img

By

Published : Jun 14, 2021, 11:04 PM IST

one-person-apprehanded-with-hand-made-gun-in-jirikending
জিৰিকেন্দিঙত হাতে সজা বন্দুকসহ এজন গ্ৰেপ্তাৰ

১৬ মে'ত পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দিঙত সংঘটিত হত্যাকাণ্ডৰ অভিযোগত এজনক আটক ৷ জিৰিকেন্দিঙত হাতে সজা বন্দুকসহ ছৰ টমাহা (৫০) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

ডিফু, ১৪ জুন : ১৬ মে'ত পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দিঙত সংঘটিত হোৱা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে দেওবাৰে সন্ধিয়া অভিযান চলাই হাতে সজা বন্দুকসহ আটক কৰে এজন লোকক ৷ উল্লেখ্য যে, ১৬ মে'ত পশ্চিম কাৰ্বি আংলঙৰ ছুবি ছুটং নামৰ লোকজন নিজৰ ঝুমতলিত ব্যস্ত থকাৰ সময়তে দুৰ্বৃত্তই হাতে সজা বন্দুকেৰে গুলিয়াই হত্যা কৰিছিল ৷

one-person-apprehanded-with-hand-made-gun-in-jirikending
জিৰিকেন্দিঙত হাতে সজা বন্দুকসহ এজন গ্ৰেপ্তাৰ

উক্ত হত্যাকাণ্ডৰ ঘটনাৰ এজাহাৰৰ ভিত্তিত দেওবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত জিলাখনৰ আৰক্ষীয়ে জিৰিকেন্দিঙৰ অন্তৰ্গত জিৰিলস্কৰস্থিত বাসভৱনৰ পৰা ছৰ টমাহা (৫০) নামৰ লোকজনক আটক কৰে ৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : প্ৰতিমাহে দুদিনকৈ মন্ত্ৰীয়ে পাতিব লাগিব নৈশভোজ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.