ETV Bharat / state

Mur Mati Mur Desh: অমৃত কলহ যাত্ৰা সন্দৰ্ভত ডিফুত বিশেষ সভা

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:19 PM IST

Mur Mati Mur Desh
অমৃত কলহ যাত্ৰা সন্দৰ্ভত ডিফুত বিশেষ সভা

ডিফুত ‘‘মোৰ মাটি মোৰ দেশ’’ শীৰ্ষক অমৃত কলহ যাত্ৰা সন্দৰ্ভত বিশেষ সভা ৷ উক্ত সভাত উপস্থিত আছিল অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে জিলা প্ৰশাসনৰ লোক ৷

অমৃত কলহ যাত্ৰা সন্দৰ্ভত ডিফুত বিশেষ সভা

ডিফু, 19 ছেপ্টেম্বৰ : মঙলবাৰে ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত ‘‘মোৰ মাটি মোৰ দেশ’’ শীৰ্ষক অমৃত কলহ যাত্ৰা সন্দৰ্ভত বিশেষ সভা সম্পন্ন হয় ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে দেশজুৰি দেশৰ বীৰ সেনানী, স্বাধীনতা সংগ্ৰামী সকলৰ সন্মানাৰ্থে ‘‘মোৰ মাটি মোৰ দেশ’’এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ 20 ছেপ্টেম্বৰৰ পৰা 28 অক্টোবৰলৈকে অমৃত কলহ যাত্ৰাৰ বিস্তাৰিত কাৰ্যসূচী সন্দৰ্ভত ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত এক সভা অনুষ্ঠিত হয় ৷

সভাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিধায়ক বিদ্যাছিং ইংলেঙ, বিধায়ক দৰচিং ৰংহাঙ, ইএম আৰু এম এ চিসকল উপস্থিত থাকে ৷ তদুপৰিও বিভিন্ন বিভাগৰ বিষয়া-কৰ্মী, আত্ম সহায়ক গোটৰ সদস্য, মহিলা সমিতি আৰু বিভিন্ন দল-সংগঠনৰ সদস্য উপস্থিত থাকে ৷

উক্ত সভাত অমৃত কলহ যাত্ৰা, খেল মহাৰণ আৰু সাংস্কৃতিক মহা সংগ্ৰামৰ অংশীদাৰসকলে কেনেদৰে কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব সেই সন্দৰ্ভত বিষদভাবে আলোচনা কৰা হয় ৷ সভাত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অমৃত কলহ যাত্ৰাত প্ৰশাসন আৰু সকলো দল-সংগঠনে ঐক্যবৱদ্ধভাৱে কাম কৰি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয়,‘‘স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ স্বৰূপে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে শিলাফল কৰ্মৰ ৰূপায়ণ কৰা হৈছে ৷ অহা দুই অক্টোবৰৰ পৰা আৰম্ভ হোৱা কলহ যাত্ৰাও সফল ৰূপায়ণ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে আত্ম-সহায়ক গোটৰ সদস্যসকলৰ জৰিয়তে প্ৰত্যেক ঘৰৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰি চি এল এফত ৰখা হ’ব ৷ তাৰ পিচত শোভাত্ৰাৰে সংশ্লিষ্ট ব্ল’কত জমা কৰাৰ পিচত মাটিখন মিহলি কৰি সৰ্থেবাৰীৰ পৰা লাভ কৰা দুটা কলহৰ জৰিয়তে গুৱাহাটীলৈ নিয়া হ’ব ৷ গুৱাহাটীত এটা কলহ ৰাখি থৈ আনটো কলহ স্বেচ্ছা সেৱকসকলে দিল্লীলৈ লৈ যাব ৷ এই ক্ষেত্ৰত সকলো দায়িত্বশীল ব্যক্তিয়ে প্ৰশাসনক সহযোগিতা আগবঢ়াব পাৰিব ’’ বুলি কয় জিলা আয়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : Ayushman Bhava campaign:আয়ুষ্মান ভৱ অভিযানকলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.