ETV Bharat / state

'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ ৰেলী

author img

By

Published : Mar 20, 2021, 9:38 PM IST

'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ মটৰ চাইকেল ৰেলী ৷ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ মটৰ চাইকেল ৰেলী
'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ মটৰ চাইকেল ৰেলী

ডিফু,20 মাৰ্চ: ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ ধামখুমীয়া অব্যাহত থকাৰ সময়তে সংশোধিত নাগৰিকত্ব আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ ইয়াৰ অংশ হিচাপে শনিবাৰে দিনৰ প্ৰায় 11 বজাত বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷

ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে হাতে হাতে সন্থাৰ পতাকা লৈ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা সমগ্ৰ বকলীয়াঘাট এলেকা পৰিভ্ৰমণ কৰি বহু বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে 'কা' আমি নামানো, জয় আই অসম ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: মাহমৰাত নিৰ্বাচনী হিংসা: মন্ত্ৰী যোগেন মহন জড়িত থকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.