ETV Bharat / state

আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কাৰ্বি আংলঙে : সৰ্বানন্দ সোনোৱাল

author img

By

Published : May 29, 2022, 6:21 PM IST

Minister Sarbananda Sonowal campaigns for KAAC election 2022 at Diphu
আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াত কাৰ্বি আংলঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব: সৰ্বানন্দ সোনোৱাল

"আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত কাৰ্বি আংলঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব" শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডকমকাত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে (Sarbananda Sonowal campaigns for KAAC election) ৷

ডিফু, 29 মে': আগন্তুক 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022 ) বাবে জিলাখনৰ ডকমকাত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal campaigns for KAAC election) ।

শনিবাৰে ডকমকাৰ লংকাম টেৰণ স্মৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত মন্ত্ৰীগৰাকীয়ে ন-মাটিৰ প্ৰাৰ্থী ৰীতেশ ইংহি, মহামায়াৰ লুনছিং টেৰণ, কৰকাণ্ঠিৰ ৰাজু তিচʼ আৰু চʼছেং ধেন্টা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কাচে ৰংপিপীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাহাৰীয়া এলেকাটোত দীৰ্ঘদিন ধৰি অব্যাহত থকা সশস্ত্ৰ তৎপৰতাৰ অৱসান ঘটাই বিদ্ৰোহী সংগঠনসমূহে জিলাখনত স্থায়ী শান্তিৰ পৰিৱেশ গঢ় দিয়াৰ বাবে লোৱা পদক্ষেপৰ বাবে কাৰ্বি আংলঙবাসীৰ লগতে প্ৰাক্তন বিদ্ৰোহীসকলক আন্তৰিক কৃতজ্ঞতা জনায় ।

কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলঙক পৃথিৱীৰ ভিতৰতে অন্যতম সুন্দৰ স্থান হিচাপে অভিহিত কৰে । লগতে, আগন্তুক দিনত আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

কাৰ্বি আংলঙৰ লোকসকলৰ সাহস, কৰ্মোদ্যম আৰু শক্তিৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং জিলা অতি শীঘ্ৰেই যে এখন অতিকৈ উন্নত জিলাত পৰিণত হʼব সেইক্ষেত্ৰত কোনো সন্দেহ নাই বুলি উল্লেখ কৰে । ভাৰত চৰকাৰ আৰু অসম চৰকাৰে জিলাখনৰ বাবে দায়িত্ব সহকাৰে কাম কৰাৰ ফলত জিলাবাসীয়ে আজি তাৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ।

আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াত কাৰ্বি আংলঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব: সৰ্বানন্দ সোনোৱাল

অলপতে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী কাৰ্বি আংলঙলৈ অহাৰ সময়ত কাৰ্বি আংলংবাসীৰ উদ্দীপনা দেখি অভিভূত হোৱা বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱেও তেওঁক এই বিষয়ে অৱগত কৰা বুলি কয় ।

বিজেপি দলে কাৰ্বি আংলঙক আগুৱাই নিয়াৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে পথ যোগাযোগ ব্যৱস্থাৰ লগতে অন্য সকলো ক্ষেত্ৰতে ব্যাপক উন্নয়ন সাধন হোৱা বুলি দাবী কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ডিফু আজি উত্তৰ পূৱ ভাৰতৰ ভিতৰতে উন্নত চহৰত পৰিণত হৈছে । 21 শতিকাৰ সময়ৰ সৈতে আগবাঢ়ি যাবলৈ হʼলে কঠোৰ শ্ৰমেৰে আমি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব । নৰেন্দ্ৰ মোদী চৰকাৰে আঠ বছৰীয়া কাৰ্যকালত কৰা পৰিশ্ৰম বাবেই আজি নতুন নতুন উন্নয়ন দেখিবলৈ পোৱা গৈছে ।"

সমাগত নিৰ্বাচনত পৰিষদৰ 26 টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । বিজেপি দলৰ কাৰ্বি আংলং জিলাৰ প্ৰভাৰী বিজয় গুপ্তাই প্ৰদান কৰা ভাষণত জিলাখনত সকলো জাতি-জনগোষ্ঠীৰ লোককে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে ।

আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক বিদ্যাছিং ইংলেঙে ৷ বিজেপি নেতা মমিনুল আৱাল, মনোজ বৰুৱা, কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : জি এছ টিৰ পৰিমাণ বৃদ্ধিৰ পাছতো ঋণ লোৱা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.