ETV Bharat / state

পৰেশ বৰুৱাকো আলেচনাৰ মেজলৈ আহিবলৈ আহ্বান যোগেন মহনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:25 PM IST

Khel Maharan 2023
খেল মহাৰণ

Khel Maharan 2023: গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিওৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে খেল মহাৰণ । এই এনুষ্ঠানত অংশ লৈ আলফা-চৰকাৰৰ চুক্তি সন্দৰ্ভত মন্তব্য আগবঢ়ায় মন্ত্ৰী যোগেন মহনে ৷

খেল মহাৰণ

ডিফু, ৩০ ডিচেম্বৰ: ৰাজ্যৰ আন জিলাৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো খেল মহাৰণৰ কাৰ্যসূচীৰ সামৰণি পৰে ৷ আজি ডিফু কাছা খেলপথাৰত কাৰ্বি আংলং জিলা পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত কাৰ্বি আংলংঙৰ অভিভাৱক মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত সামৰণি কাৰ্যসূচী অনুষ্ঠিত হয় ৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ চলি থকা জিলা পৰ্যায়ৰ খেল মহাৰণৰ শনিবাৰে সামৰণি পৰে ৷

আজিৰ সামৰণি অনুষ্ঠত মন্ত্ৰী যোগেন মহনৰ উপৰি সাংসদদ্বয় হৰেণছিং বে' আৰু কামাখ্যা প্ৰসাদ তাছা, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত দে' আৰু জিলা আয়ুক্ত মধুমিতা ভাগৱতী উপস্থিত থাকে ৷ খেলৰ শেহত মন্ত্ৰীগৰাকীৰ উপস্থিতিত বিজয়ী খেলুৱৈ সকলক পুৰষ্কাৰ বিতৰণ কৰা হয় ৷

আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী যোগেন মহনে কয় যে খেল মহাৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাবোৰক ৰাজ্যিক পৰ্যায়ত খেলাৰ সুযোগ প্ৰদান কৰা হ'ব ৷ তদুপৰি খেলে যুৱক-যুৱতী সকলক মন-মগজু সুস্থ কৰি ৰাখে । লগতে সাংঘাতিকভাৱে ড্ৰাগছ আসক্ত হোৱা যুৱ প্ৰজন্মকো খেলে এটি সুপৰিৱেশ প্ৰদান কৰিব বুলি মন্ত্ৰী যোগেন মহনে কয় ৷

ইপিনে, মন্ত্ৰী যোগেন মহনে আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি সন্দৰ্ভতো মন্তব্য় আগবঢ়ায় । তেওঁ কয় যে স্বাক্ষৰিত শান্তি চুক্তি অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশত সহায়ক হ'ব ৷ পৰেশ বৰুৱাকো আলেচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে,আদৰণি ভাষণত কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে খেল মহাৰণত সমগ্ৰ ৰাজ্যখনত প্ৰায় ৫০ লাখ খেলুৱৈয়ে অংশ গ্ৰহণ কৰাৰ বিপৰীতে কাৰ্বি আংলং জিলাত এক লাখ ৭০,১৩৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰে ৷

লগতে পঢ়ক:আলফাৰ চুক্তি বিজেপি দলৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.