ETV Bharat / state

Mission Indradhanush in Karbi Anglong : কাৰ্বি আংলঙত 7 আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ 5.0

author img

By

Published : Aug 4, 2023, 4:29 PM IST

শুকুৰবাৰে ডিফুস্থিত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া (পাৰ্বত্য) কাৰ্যালয়ত এক মিডিয়া ছেনচিটাইজেচন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ মিছন ইন্দ্ৰধনুষ 5.0 ৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই সভা ৷

Meeting on Intensified Mission Indradhanush
7 আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ 5.0

মিডিয়া ছেনচিটাইজেচন কাৰ্যসূচী

ডিফু, 4 আগষ্ট : মিছন ইন্দ্ৰধনুষ 5.0 ৰ সন্দৰ্ভত শুকুৰবাৰে ডিফুস্থিত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া (পাৰ্বত্য) কাৰ্যালয়ত সাংবাদিক সকলৰ লগত এক মিডিয়া ছেনচিটাইজেচন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ নিয়মীয়া টীকাকৰণৰ পৰা 0-2 বছৰ বয়সৰ যিসকল শিশু বাদ পৰি গৈছে আৰু 2-5 বছৰ বয়সলৈকে যিসকল শিশুৱে এম আৰ, ডিপিটি বুষ্টাৰ, অপিভি বুষ্টাৰ লবলৈ সক্ষম হোৱা নাই সেই সকল শিশুৱে মিছন ইন্দ্ৰ ধনুষৰ জৰিয়তে টীকা গ্ৰহণ কৰিব পাৰিব বুলি সজাগতা সভাত উল্লেখ কৰে চিকিৎসা বিষয়াই ৷

এই কাৰ্যসূচীত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তনুজা বৰা, জিলা টিকাকৰণ বিষয়া ডাঃ দূৰ্গেশ্বৰ ইংতি, বিষয়া বাবু ক্ৰ' আৰু এনএইছএমৰ মিডিয়া বিষয়া এম চিং উপস্থিত থাকে ৷ ডাঃ দূৰ্গেশ্বৰ ইংতিয়ে জিলাখনৰ বাৰশ শিশু আৰু দুশ প্ৰসূতিৰ মাজত এই টীকাকৰণ অভিযান চলোৱাৰ লক্ষ্য স্থিৰ কৰা বুলি প্ৰকাশ কৰে ৷ সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাতো সৰু আই মুক্তকৰণৰ বাবে জনতাৰ পৰা আমি সহযোগিতা আশা কৰিছে ডাঃ দূৰ্গেশ্বৰ ইংতিয়ে ৷

লগতে পঢ়ক : Protagonist Mukut Chandra Bhuyan: জীৱন যুদ্ধত পৰাজিত হৈ ইহ সংসাৰ এৰিলে অক্লান্ত সৈনিক মুকুট চন্দ্ৰ ভূঞাই

তদুপৰি ডাঃ ইংতিয়ে কয় যে, এই অভিযানত জড়িত থকা এএনএম বা নাৰ্চ সকল, আৰু আশা কৰ্মী সকলে টীকাকৰণৰ সময়ত শিশু সকলৰ শাৰিৰীক ইতিহাস পৰ্যৱেক্ষণ কৰি যোগ্য হলে টীকাকৰণ কৰিব ৷ আনহাতে ডাঃ দূৰ্গেশ্বৰ ইংতিয়ে কয় এই অভিযানত তিনিটা পৰ্যায়ত ক্ৰমে, 7-12 আগষ্টলৈ প্ৰথম পৰ্যায়, 11-16 ছেপ্তেম্বৰলৈ দ্বিতীয় পৰ্যায় আৰু 9-14 অক্টোবৰলৈ তৃতীয় পৰ্যায়ত সামৰি লোৱা হৈছে ৷

লগতে পঢ়ক : JE at Gohpur : গহপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ; ICU ত চিকিৎসাধীন ডেৰ বছৰীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.