ETV Bharat / state

'কা’ বাতিলৰ দাবীত বকলীয়াঘাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Dec 11, 2020, 10:32 PM IST

massive-protest-in-karbi-anglang-bokoliyaghat
'কা’ বাতিলৰ দাবীত বকলীয়াঘাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীৰে কাৰ্বি আংলঙত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বকলীয়াঘাটত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ।

ডিফু, 11 ডিচেম্বৰ : কৰ'ণা মহামাৰীৰ প্ৰকোপ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাৰ লগে লগে জাতি ধ্বংসী আইন হিচাপে অভিহিত হোবা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ প্ৰতিবাদৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বকলীয়াঘাটত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ।

বিয়লি প্ৰায় 2 বজাত সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে, জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত সংগঠনটোৰ ভালেসংখ্যক নেতাকৰ্মীয়ে হাতে হাতে সংগঠনটোৰ পতাকাৰ লগতে বিভিন্ন শ্ল’গানৰে বকলীয়াঘাট নগৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰে ৷

massive-protest-in-karbi-anglang-bokoliyaghat
'কা’ বাতিলৰ দাবীত বকলীয়াঘাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লগতে পঢ়ক : শনিবাৰে 7.30 বজাৰ পৰা আৰম্ভ হ'ব বাক্সা জিলাৰ ভোটগণনা

প্ৰতিবাদকাৰীসকলে 'কা' আমি নামানো, 'বিজেপি গ’ বেক', 'হোৱা যদি অসমীয়া, আমাৰ সৈতে ওলাই আহা' আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী সমদলৰ শেষত ভাষণ প্ৰসংগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদকে 'কা' ৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে আইনখনে উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ ওপৰত জাপি দিয়াৰ মানসিকতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক : চট্টিশগড়ৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ অনিশ্চয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.