ETV Bharat / state

কাৰ্বি আংলঙত পুনৰ গণহত্যা

author img

By

Published : Feb 8, 2021, 6:22 PM IST

কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ পুনৰ গণহত্যাৰ বলি হৈছে এজন যুৱক ৷ এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ বাবে একাংশ লোকে মনছিং ৰংপি নামৰ যুৱকজনক খেলপথাৰৰ গ'ল প'ষ্টত বান্ধি লৈ ৰ’ড আৰু লাঠীৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় মনছিঙৰ ৷

massacre-at-karbi-anglong
কাৰ্বি আংলঙত পুনৰ গণহত্যাঃমহিলাক অশালীন ব্যৱহাৰ কৰা যুৱকক হত্যা একাংশ লোকৰ

ডিফু,৮ ফেব্ৰুৱাৰীঃ কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক জঘন্য পাশৱিক ঘটনা ৷ পুনৰ গণহত্যাৰ বলি হৈছে এজন যুৱক ৷ জানিব পৰা মতে, বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তাৰালাংছ ক'ৰাজী বে' গাঁৱত দেওবাৰে নিশা বাৰেলং গাঁৱৰ মনছিং ৰংপি নামৰ এজন যুৱকে এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰিছিল ৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ সহায় নিবিচাৰি আইন হাতত তুলি লয় গাঁৱখনৰ একাংশ লোকে ৷ যুৱকজনক ৰাইজে খেলপথাৰৰ গ'ল প'ষ্টত বান্ধি লৈ ৰ’ড আৰু লাঠীৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় মনছিঙৰ ৷

কাৰ্বি আংলঙত পুনৰ গণহত্যাঃমহিলাক অশালীন ব্যৱহাৰ কৰা যুৱকক হত্যা একাংশ লোকৰ

ইপিনে, গণপ্ৰহাৰত মৃত্যু হোৱা মনছিঙ ৰংপিৰ মৃতদেহ পুৱা গাঁৱবাসীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে হত্যাকাণ্ডটোৰ লগত জড়িত 6 জনকৈ লোকক আটক কৰি আৰক্ষীয়ে ৯/২০২১ নম্বৰত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে ৷ আনহাতে, আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰতৰ কৰি তুলিছে তদন্ত ৷ লক্ষণীয়ভাৱে, অভি-নীলৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কাৰ্বি আংলঙত পুনৰ এগৰাকী যুৱকে গণহত্যাৰ বলি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ৰাফেল যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.