ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণ, আহত দুই

author img

By

Published : Aug 11, 2020, 4:26 PM IST

পশ্চিম কাৰ্বি আংলঙত হাতী-মানুহৰ সংঘাত গুৰুতৰভাবে আহত দুগৰাকী লোক ৷ পথাৰত কাম কৰিবলৈ যোৱাৰ সময়তে আক্ৰমণ চলাই বনৰীয়া হাতীয়ে ৷ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

Man-elephant conflicts on the rise in Karbi Anglang
পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণ, আহত দুই

হোজাই, 11 আগষ্ট : এফালে ক'ভিড-19 ৰ সংহাৰ আৰু আনফালে ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে তাণ্ডৱ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত ৷ তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত ৷ ইতিমধ্যে, হাতী-মানুহৰ সংঘাতৰ ফলত সময়ে সময়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো লোকৰ মৃত্যু হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ এইবাৰ পুনৰ হাতী-মানুহৰ সংঘাত সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাটত ৷

খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাটত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় দুগৰাকীকৈ লোক ৷ আহত হোৱা লোক দুজন দিলীপ চৌহান আৰু অমৰনাথ চৌহান বুলি জানিব পৰা গৈছে ৷

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণ, আহত দুই

প্ৰাপ্ত তথ্য অনুসৰি, তিনি সতীৰ্থই একেলগে পথাৰত ঘাঁ কাটিবলৈ যোৱাৰ সময়ত আক্ৰমণ চলাই বনৰীয়া হাতীয়ে ৷ এই আক্ৰমণত এজনে পলাই সাৰিবলৈ সক্ষম হয় যদিও বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাবে আন দুগৰাকী লোক আহত হোৱাৰ তথ্য আহি পৰিছে ৷ আনহাতে, দীৰ্ঘ সময় ধৰি অঞ্চলবাসীয়ে হাতীৰ উপদ্ৰৱত জীৱন-যাপন কৰি অহাৰ পিচতো বন বিভাগে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণ, আহত দুই

উল্লেখ্য যে, হাতী-মানুহৰ সংঘাতৰ মূল কাৰণ হৈছে বাসস্থানৰ অভাৱ । বেদখল, খেতি পথাৰ আদিৰ বাবে কৰা বনাঞ্চল ধ্বংসই হাতীৰ বাবে সংকট মাতি আনিছে । প্ৰয়োজনীয়া খাদ্যৰ সন্ধানত হাতীৰ বৃহৎ জাকে বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলত সংঘাত সৃষ্টি কৰে ৷ অসমৰ পাহাৰীয়া জিলাৰ উপৰি নাগালেণ্ড সীমান্ত, অসম-অৰুণাচল, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত হাতীৰ উপদ্ৰৱৰ বাবে সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।

ইফালে, হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও সঠিকভাবে সংঘাত নাইকিয়া কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু হাতীয়ে জনাঞ্চলত সন্ত্ৰাস চলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি অভিযোগ উখাপন হৈ আহিছে ৷

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.