KNCA 63rd foundation day : কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Aug 1, 2022, 9:07 PM IST

KNCA 63rd birth anniversary celebrated in Karbianglang
কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ()

কাৰ্বি আংলঙত পালন কৰা হয় ‘‘কাৰ্বি নিমচ’ চিংথুৰ আছং’’ চমুকৈ কেএনচিএৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস (KNCA 63rd foundation day celebrated in Karbianglong) ৷ এই দিৱসৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ অগ্ৰণী মহিলা সংগঠন কেএনচিএয়ে বাহিৰ কৰে এক সমদলো ৷

ডিফু, ১ আগষ্ট : সোমবাৰে দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অগ্ৰণী মহিলা সংগঠন ‘‘কাৰ্বি নিমচ’ চিংথুৰ আছং’’ চমুকৈ কেএনচিএৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (KNCA 63rd foundation day celebrated in Karbianglong)৷ এই উপলক্ষে কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগতে ডিফু ক্লাৱ প্ৰাংগনত সংগঠনটোৰ সভানেত্ৰী ৰেংকা তাৰ’পীয়ে পতাকা উত্তোলন কৰি পিছত শ্বহীদ তৰ্পন কৰে ৷

KNCA 63rd birth anniversary celebrated in Karbianglang
কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

ইয়াৰ পিছতে ডিফু ক্লাৱৰ সভা কক্ষত সভানেত্ৰী ৰেংকা তাৰ’পীৰ পোৰোহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ তাৰ পিছত সভানেত্ৰী ৰেংকা তাৰ’পী আৰু সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে এক বৃহৎ সমদল বাহিৰ কৰা হয় (Rally by KNCA)৷

সংবাদ মাধ্যমৰ আগত কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে কয়, ‘‘বৰ্তমান চৰকাৰখনে মহিলাৰ ওপৰত নিৰ্যাতন বৃদ্ধি কৰিছে ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত সংশ্লিষ্ট মাইক্ৰ’ফাইনেন্সৰ কোম্পানীৰ প্ৰতিনিধিসকলে ঋণ আদায়ৰ নামত গাঁৱলীয়া মহিলা সকলক বিভিন্ন দাবী-ধমকিৰে ভীতিগ্ৰস্ত কৰি আহিছে ৷ সেইবোৰ বন্ধ হ’ব লাগে’’ ৷

কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

লগতে তেওঁ কয়, ‘‘চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে ৷ সংসদত মহিলাৰ বাবে ৩৩ শতাংশ আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদত ৫০ শতাংশ আসন সংৰক্ষণ কৰিব লাগে’’ ৷ আনকি অংগনৱাড়ী সহায়িকা, মধ্যাহ্ন ভোজন ৰান্ধনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যদা দিয়া, আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চক নাৰী দিৱসক চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে’’ ৷

KNCA 63rd birth anniversary celebrated in Karbianglang
কেএনচিএৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ইয়াৰ উপৰিও ডিফুৰ ৰংপাংথিৰ উচ্ছেদিতসকলক পুনঃসংস্থাপন দিয়া, নাবালিকা ছোৱালী আৰু মহিলাৰ বাবে সামাজাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে সকলো থানা আৰক্ষী চকীত মহিলা কোষ গঠন কৰাৰ দাবী জনাই প্ৰতিমা ইংহিপীয়ে ৷ আনকি শীঘ্ৰে ৰাজ্যিক মহিলা আয়ুক্ত আৰু স্বায়ত্ব শাসিত পৰিষদ মহিলা আয়ুক্ত শক্তিশালী কৰা আদি দহসদফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰতিমা ইংহিপীয়ে ৷

লগতে পঢ়ক : Moina Nayak tregedy: ডিব্ৰুগড়ৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ত আট্ছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.