Moina Nayak tragedy: ডিব্ৰুগড়ৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ত আট্ছাৰ প্ৰতিবাদ

author img

By

Published : Aug 1, 2022, 7:23 PM IST

Updated : Aug 1, 2022, 10:43 PM IST

Moina Nayak tregedy

ডিব্ৰুগড়ৰ সহকাৰী শ্ৰম আয়ুক্তৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টী গ্ৰুপৰ । লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়কে আজিও নাপালে ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা ক্ষতিপূৰণ (Moina Nayak tragedy in Lepetkata tea industry) । মইনা নায়কক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত ডিব্ৰুগড়ত আট্ছাৰ উত্তাল প্ৰতিবাদ(AATSA protest At Dibrugarh) ৷

মৰাণ, 1 আগষ্ট: মইনা নায়কৰ ন্যায় বিচাৰি সোমবাৰে ডিব্ৰুগড়ৰ জ্যেষ্ঠ কাৰখানা পৰিদৰ্শকৰ মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত আট্ছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । লেপেটকটা চাহ বাগিচাৰ চিটিচি মেচিনত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মইনা নায়কক 20 লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে বাগিচাৰ কাৰখানাত চাহ শ্ৰমিকৰ জীৱন সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে আট্ছাৰ কৰ্মীসকলে(Moina Nayak tragedy in Lepetkata tea industry) ।

প্ৰতিবাদকাৰীসকলে জিলাখনৰ প্ৰতিটো কলঘৰত কাৰখানা আইন ৰূপায়ণৰো দাবী জনাইছে । আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগ আৰু সাধাৰণ সম্পাদক লক্ষীন্দৰ কুৰ্মীৰ নেতৃত্বত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে আটছাৰ কৰ্মীসকলে ।

ডিব্ৰুগড়ৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ত আটছাৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, 19 জুলাইত লেপেটকটা চাহ বাগিচাৰ চিটিচি মেচিনত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মইনা নায়কক ক্ষতিপূৰণ দিবলৈ বাগিচাৰ কৰ্তৃপক্ষক সময় নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে ।

ডিব্ৰুগড়ৰ সহকাৰী শ্ৰম আয়ুক্তই মইনা নায়কক ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা ক্ষতিপূৰণ তিনিদিনৰ ভিতৰত আদায় দিবলৈ 22 জুলাইত নিৰ্দেশক দিছিল লক্ষ্মী টী গ্ৰুপক । কিন্তু উক্ত সময়সীমা উকলি যোৱাৰ পাছতো মইনাৰ একাউণ্টত নোসোমাল এটাও টকা(Lakshmi Tea Group ignore Assistant Labour Commissioner order) ।

যাৰ ফলত এতিয়া পুনৰ ক্ষুব্ধ হৈ পৰিছে বিভিন্ন চাহ জনগোষ্ঠীয় দল-সংগঠন (Moina Nayak tragedy in Lepetkata tea industry) । আনহাতে সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা মইনা নায়ক(Moina Nayak admitted in GMCH) ৷

লগতে পঢ়ক : Moina Nayak treatment: প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

Last Updated :Aug 1, 2022, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.