ETV Bharat / state

Car lifters Detained : খটখটি আৰক্ষীৰ জালত বৰপেটাৰ ৫ গাড়ী চোৰ

author img

By

Published : Oct 31, 2022, 5:04 PM IST

খটখটি আৰক্ষীৰ জালত পৰিছে বৰপেটাৰ পাঁচ গভাইত গাড়ী চোৰ (Khatkhati police detained 5 car thieves) । খটখটিত চুৰি JCB গাড়ীসহ আটক কৰা হয় এই পাঁচ গাড়ী চোৰক ।

car theft
car theft

ডিফু, ৩১ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে গাড়ী চুৰি কাণ্ড (Car theft case in Assam) । বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা এই গাড়ী চুৰি চক্ৰই কৌশলেৰে চুৰি কৰি আহিছে বিভিন্ন গাড়ী । গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষী সষ্টম হোৱাৰ লগতে বিভিন্ন ঠাইত গাড়ী চোৰ গ্ৰেপ্তাৰ হোৱাৰ বাতৰিও লাভ কৰি থকা হৈছে ।

এইবাৰ খটখটি আৰক্ষীৰ জালত পৰিছে বৰপেটাৰ পাঁচ গভাইত গাড়ী চোৰ (Khatkhati police detained 5 car thieves) । খটখটিত চুৰি JCB গাড়ীসহ আটক কৰা হয় এই পাঁচ গাড়ী চোৰক । উল্লেখ্য, কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ জালত পৰিছে এই পাঁচটা গভাইত গাড়ী চোৰ (car thieves from Barpeta detained) ।

খটখটি আৰক্ষীয়ে চুৰি গাড়ীসহ আটক কৰা চোৰকেইটা বৰপেটা জিলাৰ ইনজামামুল খান, ৰফিকুল ইছলাম, আছান উদ্দীন, চাহজাহান আলী আৰু হাছেন আলী বুলি জানিব পৰা গৈছে । খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত এখন চুৰি JCB গাড়ীসহ এই পাঁচ গভাইত চোৰক আটক কৰা হয় ।

ঘটনাৰ বিৱৰণ অনুসৰি, দেওবাৰে তাৰিখে খটখটি সাগৰ কপ্লেক্সৰ সমীপৰ পৰা AS-15AC-2942 নম্বৰৰ চুৰি JCB খন উদ্ধাৰ কৰে খটখটি আৰক্ষীয়ে । খটখটি আৰক্ষীয়ে খটখটিস্থিত সাগৰ কমপ্লেক্সৰ সমীপৰ পাৰ্কিঙত ৰখাই থোৱা অৱস্থাৰ পৰা খটখটি আৰক্ষীয়ে JCB খন উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

খটখটি আৰক্ষীৰ তদন্তত NL-01K-8157 নম্বৰৰ ট্ৰেইলাৰখনত কঢ়িয়াই অনা বৰপেটাৰ পৰা চুৰি কৰি অনা JCB গাড়ীসহ আৰক্ষীয়ে পাঁচজনক আটক কৰে । খটখটি আৰক্ষীয়ে ধৃত গাড়ী চোৰকেইটাক আটক কৰি আজি পুৱা বৰপেটা আৰক্ষীক চমজাই দিয়ে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে চুৰি JCB খন উদ্বাৰৰ লগতে পাঁচ গভাইত গাড়ী চোৰক আটক কৰাৰ কথা আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Assam Rifles Operation : মিজোৰামত বৃহৎ পৰিমাণৰ সমৰ সৰঞ্জাম জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.